নলবাৰী, 27 অক্টোবৰ : "ৰাজ্যত খিলঞ্জীয়া গৰীয়া লোকসকল পক্ষপাতিত্বৰ স্বীকাৰ হৈছে নেকি ?" বৃহস্পতিবাৰে নলবাৰী ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলা কংগ্ৰেছৰ সদস্যসকলে ।
এই সংবাদমেলত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈয়ে খিলঞ্জীয়া মুছলমানসকলৰ অধিকাৰ সন্দৰ্ভত সৰৱ হৈ পৰে ৷ ৰাতুল পাটোৱাৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে অসমৰ খিলঞ্জীয়া মুছলমান লোকসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে । মিচন বসুন্ধৰা 2 ত বঞ্চনাৰ বলি হৈছে খিলঞ্জীয়া গৰীয়া লোকসকল ।
বৃহস্পতিবাৰে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বসুন্ধৰা 2 ৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত বহু কেইটা ভূমিহীন পৰিয়ালে জনোৱা আবেদন অনুমোদন কৰা হৈছিল । এই বৈঠকত বৰভাগৰ খিলঞ্জীয়া মুছলমান লোকৰ আবেদন উত্থাপন কৰা হৈছিল যদিও মুছলমান হোৱা বাবেই ভূমিহীন পৰিয়ালকেইটাৰ আবেদন নাকচ কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাতুল পাটোৱাৰীয়ে ।