অসম

assam

Nalbari PWD Office: নলবাৰীৰ চৰকাৰী কাৰ্যালয়ত মাটিৰ বেহা

By

Published : Dec 21, 2022, 7:43 PM IST

নলবাৰীৰ চৰকাৰী কাৰ্যালয়ত চলিছে মাটিৰ ৰমৰমীয়া বেহা (Soil selling at Nalbari PWD office) ৷ অভিযোগ উঠিছে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে অবৈধভাৱে মাটিৰ ব্যৱসায় কৰাৰ ৷

Etv BharatNalbari PWD Office
Etv Bharatনলবাৰীৰ চৰকাৰী কাৰ্যালয়ত অবৈধভাৱে মাটি বিক্ৰীৰ অভিযোগ

নলবাৰীৰ চৰকাৰী কাৰ্যালয়ত অবৈধভাৱে মাটি বিক্ৰীৰ অভিযোগ

নলবাৰী, ২১ ডিচেম্বৰ : নলবাৰী চহৰৰ মাজ-মজিয়াত থকা চৰকাৰী কাৰ্যালয়ত চলিছে মাটিৰ ৰমৰমীয়া বেহা (Soil selling at Nalbari PWD office)৷ কাৰ্যালয়টোৰ প্ৰাংগণত মাটি জমা কৰি চৰকাৰী কৰ্মচাৰীৰ সহযোগত ট্ৰেক্টৰে ট্ৰেক্টৰে সেই মাটি বিক্ৰী কৰি অহা হৈছে অবৈধভাৱে ৷

বিগত বহু মাহ ধৰি নলবাৰী গোপালবজাৰস্থিত লোকনিৰ্মাণ বিভাগৰ(Nalbari PWD Office) মেকানিকেল ডিভিজনৰ কাৰ্যালয় প্ৰাংগণৰ চৰকাৰী ভূমিত চলি আছে মাটিৰ অবৈধ বেহা ৷ অভিযোগ অনুসৰি নদীৰ বুকুৰ পৰা বালিমিশ্ৰিত মাটি খনন কৰি আনি কাৰ্যালয়টোৰ চৰকাৰী ভূমিত বিভাগটোৰ কৰ্মচাৰী-ঠিকাদাৰে এইদৰে অবৈধভাৱে জমা কৰি বিক্ৰী কৰি আহিছে ৷ ইয়াৰ পাছতে একাংশ স্থানীয় লোক বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনক অৱগত কৰে ৷

অৱশেষত নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া(Nalbari circle office) মৃণাল হালৈৰ পৰ্যবেক্ষণত কাৰ্যালয়টোত চলি থকা এই অবৈধ বেহা প্ৰমাণিত হয় । ৰাজহ চক্ৰ বিষয়াগৰাকীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বন্ধ কৰা হয় ভূমিৰ অবৈধ বিক্ৰী কাৰ্য ৷ কাৰ আশীৰ্বাদপুষ্ট হৈ চৰকাৰী ভূমিত এনেদৰে মাটি জমা কৰি অবৈধভাৱে ৰমৰমীয়া বেহা চলাই আছে লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী-ঠিকাদাৰে, তাক লৈ সৃষ্টি হৈছে এক প্ৰশ্নৰ ।

আনহাতে কাৰ্যালয়টোত ৰাজহ চক্ৰ বিষয়া উপস্থিত হোৱাৰ পাছত অবৈধভাৱে মাটি কঢ়িওৱা দুখনকৈ ট্ৰেক্টৰ জব্দ কৰা হয় আৰু নলবাৰী পৰিবহণ বিভাগৰ এনফোৰ্চমেণ্ট বিভাগ উপস্থিত হৈ টেক্টৰ দুখন লৈ যায় । তদন্তৰ পাছতহে সকলো তথ্য পোহৰলৈ আহিব বুলি এতিয়া সচেতন মহলে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:MLA Akhil Gogoi: শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ কেলেংকাৰীৰ তথ্য-প্ৰমাণ আছে বিধায়ক অখিল গগৈৰ হাতত

ABOUT THE AUTHOR

...view details