নলবাৰী, 10 আগষ্ট: সোমবাৰে দেশজুৰি পালন কৰা হয় সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস ৷ ভাৰত বৰ্ষৰ অন্য প্ৰান্তৰ লেখিয়াকৈ নলবাৰীতো যুৱ কংগ্ৰেছ কৰ্মীৰ নেতৃত্বত সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । নলবাৰী চহৰৰ মাজমজিয়াত থকা ৰাজীৱ ভৱনৰ বাকৰিত নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ।
লগতে পঢ়ক:বৰ্ণাঢ্যভাৱে কাৰ্বি আংলঙত বিশ্ব খিলঞ্জীয়া দিৱস পালন
নলবাৰী জিলা কংগ্ৰেছ, নলবাৰী জিলা যুৱ কংগ্ৰেছকে ধৰি কংগ্ৰেছৰ বিভিন্ন শাখা গোটৰ বিষয়-ববীয়াসকলৰ উপস্থিতিত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ ক’ভিড বিধি আৰু স্বাস্থ্য বিভাগৰ ক’ভিড নীতি-নিয়ম মানি নগণ্য সংখ্যক ব্যক্তিৰ উপস্থিতিত অনুষ্টুপীয়াকৈ পালন কৰা হয় সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ।
এই অনুষ্ঠানত উপস্থিত থকা সকলো বিষয়-ববীয়াই যুৱ কংগ্ৰেছক উদ্দেশ্যি গাম্ভীৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ লগতে নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যেতি হালৈয়ে যুৱ কংগ্ৰেছক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । শেষত জিলা যুৱ কংগ্ৰেছৰ সভাপতি সত্যেন দাসে সামৰণি ভাষণ প্ৰদান কৰে ৷
লগতে পঢ়ক:বন্দীত্বৰ অৱসান : মুকলি আকাশৰ তলত বাঘজানৰ তিনি প্ৰতিবাদকাৰী