নলবাৰী ,১১ ডিচেম্বৰ:নলবাৰীৰ মহিনাত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন(All Assam Kalita Alpine Peoples Conference in Nalbari) । নলবাৰীৰ ধমধমা মহিনাৰ কুমাৰ ভাস্কৰবাৰ্মা ক্ষেত্ৰত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ মূল খুঁটা স্থাপনেৰে শীৰ্ষ গীত মুকলি কৰা হয় ।
২০২৩ বৰ্ষৰ ২৮ ,২৯ জানুৱাৰীত অনুষ্ঠিত হ’ব কলিতা আলপাইন জনগোষ্ঠীৰ অধিৱেশন । অধিৱেশনৰ শীৰ্ষ গীত মুকলি কৰে অসম চলচিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে (Singer Simanata Shekhar)। কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ শীৰ্ষ গীত মুকলি কৰি অসম চলচিত্ৰ অধ্যক্ষ সীমান্ত শেখৰে পোনতে নিজৰ অস্বিত্ব তথা অধিকাৰ সন্দৰ্ভত সদা সতৰ্ক থাকিবলৈ সকলো জাতি জনগোষ্ঠীলৈ আহ্বান জনায় ।
ভূমিপুত্ৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট কাম কৰি অহা বুলি উল্লেখ কৰাৰ লগতে নামনি অসমৰ ভূমিপুত্ৰ সকলক ভূমি অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে অহৰহ কাম কৰি থকা বুলি কয় চলচিত্ৰ নিগমৰ অধ্যক্ষজনে । উল্লেখ্য যে, ভাষণ প্ৰসংগত পমুৱা মুছলমানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয় চলচিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ।