নলবাৰী, 2 ছেপ্তেম্বৰঃ সদৌ অসম বিকলাংগ সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ পূৰণৰ দাবীত নলবাৰী জিলা উপায়ুক্তক সাক্ষাৎ কৰে নলবাৰী জিলা বিকলাংগ সন্থাৰ সদস্যসকলে ৷ উল্লেখ্য যে, ৰাজ্যৰ দিব্যাংগ লোকসকলে নিজৰ নাৰ্য প্ৰাপ্তিৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহিছিল যদিও বাৰাম্বাৰ ৰজাঘৰীয়াই এলাগী কৰি আহিছে তেওঁলোকক ৷ সেয়েহে এই সন্দৰ্ভত নলবাৰী জিলা উপায়ুক্তক সাক্ষাৎ কৰি তেখেতৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সন্থাটোৰ সদস্যসকলে ৷
নলবাৰী জিলা উপায়ুক্তক সাক্ষাৎ নলবাৰী জিলা বিকলাংগ সন্থাৰ - নলবাৰী জিলা উপায়ুক্তক সাক্ষাৎ নলবাৰী জিলা বিকলাংগ সন্থাৰ
সদৌ অসম বিকলাংগ সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত নলবাৰী জিলা উপায়ুক্তক সাক্ষাৎ কৰে নলবাৰী জিলা বিকলাংগ সন্থাৰ সদস্যসকলে ৷
নলবাৰী জিলা উপায়ুক্তক সাক্ষাৎ নলবাৰী জিলা বিকলাংগ সন্থাৰ
এই স্মাৰক পত্ৰত কেইবাটাও দাবী উত্থাপন কৰিছে সন্থাৰ সদস্যসকলে ৷ তৃতীয় চতুৰ্থ বিভাগৰ চাকৰিৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ খালী থকা পদসমূহ অতিশীঘ্ৰে সাক্ষাৎকাৰ গ্ৰহণ কৰি নিযুক্তি দিয়া, দিব্যাংগসকলৰ মাহিলী ভাট্টা 1000 লৈ বৃদ্ধি, দিব্যাংগসকলৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে নলবাৰী জিলা বিকলাংগ সন্থাই ৷
লগতে পঢ়ক-জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক