নলবাৰী, 8 জানুৱাৰী : ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বিজেপিয়ে আমাৰ ৰাজ্যখনক সাম্প্ৰদায়িকৰূপে বিভাজন কৰিব খুজিছে ৷ হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব খুজিছে বিজেপিয়ে ৷ লগতে বিজেপি আৰু RSS ৰ যি বৰ্ণবাদী ৰাজনীতি, সেই ৰাজনীতিৰে আমাক ভাগ কৰি পেলাব খুজিছে ৷’’ দেওবাৰে নলবাৰীৰ মুকালমুৱাত আয়োজিত ৰাইজৰ দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত (Foundation day of Raijor dal) উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
লগতে তেওঁ কয়, ‘‘আগন্তুক নিৰ্বাচনত প্ৰতিটো সমষ্টিতে কেৱল বিজেপিয়েহে যাতে জয়লাভ কৰিব পাৰে, তেনেকুৱা ধৰণে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছে ৷ গতিকে এই সাম্প্ৰদায়িক দলৰ যি ব্যৱস্থা তাক আমি বিৰোধিতা কৰিছো ৷ সেয়ে ভাৰতৰ নিৰ্বাচন আয়োগক এই সংক্ৰান্তত সকলো তথ্য বিচাৰ কৰি গণতান্ত্ৰিকভাৱে এই কাৰ্য সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছো’’ ৷
আনকি এই সভাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কমতাপুৰ গঠন হোৱা সংক্ৰান্ততো নিজৰ মন্তব্য প্ৰদান কৰে (Akhil Gogoi reacts on Separate Kamatapur state) ৷ কমতাপুৰ গঠন সন্দৰ্ভত তেওঁ কয়, ‘‘কোঁচ ৰাজবংশী ৰাইজে সদায় নিজৰ অধিকাৰৰ বাবে লাগি আহিছে ৷ আমি কোঁচ ৰাজবংশী ৰাইজৰ স্ব-অধিকাৰক সন্মান কৰো ৷ কিন্তু কমতাপুৰ সন্দৰ্ভত কোনোধৰণৰ চৰ্চা আৰম্ভ হোৱা নাই ৷ আমি সকলো দল-সংগঠন বা ৰাইজে একেলগে বহি লৈ এই সন্দৰ্ভত এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিম’’ ৷
তেওঁ আৰু কয়, ‘‘কোঁচ ৰাজবংশীসকল বিশেষ অসমীয়া ৷ সদায় আসমীয়া, খিলঞ্জীয়া অসমীয়া ৷ তেওঁলোকক বাদ দি কেতিয়াও অসমখনক কল্পনাই কৰিব নোৱাৰো ৷ গতিকে কোঁচ ৰাজবংশীসকলক লগত লৈ অসমখন ঐক্যবদ্ধ হৈ থাকিব লাগে তাৰে আমি কল্পনা কৰো’’ ৷