অসম

assam

ETV Bharat / state

বিজেপিৰ বাবে ভয়ানক অখিল গগৈঃ ৰাইজৰ দল - বিদেশী

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত আসনৰ বুজা-বুজি মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে সম্পন্ন হ'ব । মুকলি আকাশৰ তলত অখিল গগৈ যিমান শক্তিশালী কাৰাৰুদ্ধ অখিল গগৈ তাতকৈ বেছি শক্তিশালী আৰু বিজেপিৰ বাবে অধিক ভয়ানক অখিল গগৈ ।

বিজেপিৰ বাবে ভয়ানক অখিল গগৈ; ৰাছেল হুছেইন
বিজেপিৰ বাবে ভয়ানক অখিল গগৈ; ৰাছেল হুছেইন

By

Published : Feb 21, 2021, 10:25 PM IST

নলবাৰী,21 ফেব্ৰুৱাৰী:সমাগত বিধানসভা নিৰ্বাচন। বিজেপি-কংগ্ৰেছৰ সমান্তৰালভাৱে ৰাজনৈতিক তৎপৰতাৰে নিৰ্বাচনী কাম কাজ চলাই নিছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে ।

বিজেপিৰ বাবে ভয়ানক অখিল গগৈঃ ৰাইজৰ দল

শাসকীয় বিজেপি দলক তুলাধুনা ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাছেল হুছেইনৰ । নলবাৰীৰ বৰভাগৰ কৰিয়াত অনুষ্ঠিত এক দলীয় সাংগঠনিক সভাত অংশ লৈ ৰাছেল হুছেইনে বিজেপিয়ে 16 ৰ নিৰ্বাচনত বিদেশী খেদিম বুলি কৈছিল ; কিন্তু ৰাজপাট দখল কৰিয়েই 'কা' আনি অতিৰিক্ত 43 বছৰৰ বোজা ৰাজ্যবাসীৰ ওপৰত জাপি দিলে । 2016 পূৰ্বে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে বাংলাদেশক তেজ দিম মাটি নিদিও বুলি কৰিমগঞ্জত শ্লোগান দিয়া সৰ্বানন্দ সোণোৱালৰ দিনতেই অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ মাটি বাংলাদেশক গতাই দিয়া হ'ল ।

ইপিনে কাৰ্য্যকৰী কৰা নহ’ল বিজেপিৰ ভিজন ডকুমেন্টত থকা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি । বিজেপিয়ে কোচ ৰাজৱংশী সকলক 2020 ৰ 2 অক্টোবৰত স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ কথা ঘোষণা কৰিছিল যদিও আজিকোপতি সেয়া কাৰ্যকৰী ন'হল ।

বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে । সাধাৰণ মানুহৰ মাজত আভুৱা ভৰা ৰাজনীতি কৰিছে বিজেপিয়ে । ধৰ্মৰ নামত সংস্কৃতিৰ নামত বিজেপিয়ে ৰাজ্যবাসীৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে। আনহাতে হুছেইনে মাৰ্চৰ প্ৰথম সপ্তাহত এজেপি আৰু ৰাইজৰ দলৰ মাজত আসনৰ বুজা-বুজি হ'ব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

ইফালে তেওঁ অখিল গগৈ সম্পৰ্কত কয় যে বিজেপি চৰকাৰে 2016 ৰ আগত অখিল গগৈৰ পক্ষ লৈছিল । কিন্তু এতিয়া 2008 চনৰ পৰা অখিল গগৈৰ নামত থকা গোচৰ সমূহ খুলি তেওঁক হাৰাশাস্তি কৰিছে । বিজেপিৰ এয়া দুমুখীয়া নীতি । বিজেপিৰ বাবে অখিল গগৈ ভয়ানক । অখিল গগৈ জেলৰ পৰা ওলালেই বিজেপি উৎখাট হ'ব বুলি তেওঁ দাবী কৰে ।

উল্লেখ্য যে, সভাত অংশ লৈ দলটোৰ কেন্দ্ৰীয় সম্পাদিকা তথা অভিনেত্ৰী জেৰিফা ৱাহিদে অসমত আঞ্চলিক দলৰ প্ৰয়োজন আছে বুলি কৈ অসম গণ পৰিষদক তীব্ৰ সমালোচনা কৰে । তেওঁ অগপই অসমবাসীক বাৰে বাৰে প্ৰতাৰণা কৰা বুলি কৈ বিজেপিৰ লগত মিত্ৰতা কৰাৰ পিছত অগপৰ আচল স্বৰূপ ওলাই পৰিছে বুলিও মন্তব্য কৰে । লগতে তেওঁক সৰুক্ষেত্ৰীৰ ৰাইজে প্ৰতিনিধিত্ব কৰাৰ আহ্বান জনোৱা বুলিও তেওঁ সংবাদ মাধ্যমক জনায় ।

লগতে পঢ়ক:দলবদ্ধ ধৰ্ষণৰ বলি ৰূপহীহাটৰ কিশোৰী

ABOUT THE AUTHOR

...view details