নলবাৰী,12 জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷ সোমবাৰে দুপৰীয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে চহৰৰ মাজমজিয়াত এক প্ৰতীকি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিজেপিৰ 100 প্লাছ ব্যৱস্থাক প্ৰতীকিৰে উপস্থাপন কৰি প্ৰতিবাদস্থলীত আখলত কেৰাহীত ব্যঞ্জন ৰান্ধি মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ ৷
উল্লেখ্য যে, দেশজুৰি অব্যাহত থকা ক'ভিডসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে দেশৰ লগতে ৰাজ্যৰ সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ লকডাউনৰ বাবে জীৱিকাৰ সকলো পথ হেৰুৱাই সাধাৰণ জনতা দিশহাৰা হোৱাৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এক প্ৰকাৰে জুৰুলা কৰিছে সাধাৰণ জনতাক ৷ এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজৰ লাখ লাখ দৰিদ্ৰ জনতাই ৷