অসম

assam

ETV Bharat / state

নলবাৰীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন, EIA 2020 বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীতো সংগঠনটোৰ কৰ্মীসকলে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

AJYCP Protest demanding to cancel CAA in nalbari assam etv bharat news
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

By

Published : Aug 17, 2020, 4:25 PM IST

নলবাৰী,17 আগষ্ট:সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে গৃহীত কৰিবলৈ বিচৰা EIA 2020 বাতিলৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰে ৷

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নলবাৰী চহৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নলবাৰী শাখাই ৷ জিলাখনৰ সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত মানৱ শৃংখল কাৰ্যসূচী প্ৰদৰ্শন কৰি সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত কাৰ্যসূচীত প্ৰায় দুই শতাধিক কৰ্মীয়ে যোগদান কৰি কা আমি নামানো, কা শীঘ্ৰে বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনিৰে নলবাৰীৰ আকাশ-বতাহ কঁপাই তোলে ।

লগতে চাওকঃবাঘজানত স্থাপিত হ'ল বিশেষ অগ্নি নিৰ্বাপক যন্ত্ৰ

ABOUT THE AUTHOR

...view details