নলবাৰী,১৭ জুন:কৰ'ণা(Corona) পৰিস্থিতিৰ মাজতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(price hike) অব্যাহত আছে । সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাই প্ৰতিদিনে বাঢ়িছে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য । যাৰ বাবে দেশক বিভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে ।
বুধবাৰে নলবাৰী জিলাত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Ajycp) । সংগঠনটোৰ নলবাৰী চহৰ সমিতিৰ উদ্যোগত ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাৱীত এই প্ৰতিবাদৰ আয়োজন কৰা হয় ।