অসম

assam

সাংবাদিক অনিমেষ বৰ্মনক আক্ৰমণৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ

By

Published : Oct 13, 2020, 5:21 PM IST

ড্ৰাগছৰ ঘাটি উচ্ছেদ আৰু সাংবাদিক অনিমেষ বৰ্মনৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত নলবাৰীত প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা শাখাই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ড্ৰাগছ মাফিয়াই দিন দুপৰতে আকৰ্মণ কৰিছিল অনিমেষ বৰ্মনক ৷

journalist attack
journalist attack

নলবাৰী, 13 অক্টোবৰ : সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে নলবাৰীত অব্যাহত আছে প্ৰতিবাদ । যোৱা ৩ অক্টোবৰত ড্ৰাগছ মাফিয়াই দিন দুপৰতে চামতাৰ কেন্দুৰতলত বাট আগচি ধৰি আক্ৰমণ কৰিছিল চামতাৰ সাংবাদিক অনিমেষ বৰ্মনক । এই ঘটনাক গৰিহণা দি উপযুক্ত ব্যৱস্থা গ্ৰহণ আৰু ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰাৰ দাবীত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্থ কৰে প্ৰতিবাদ ৷

উল্লেখ্য যে, এচাম অসাধু লোকে পশ্চিম নলবাৰী অঞ্চলত মদ, গাঞ্জা, ড্ৰাগছকে ধৰি নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে । ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে বাতৰি পৰিবেশন কৰি আহিছে সাংবাদিক সকলে । নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ বিৰুদ্ধে বাতৰি কৰাটোৱেই যেন অপৰাধ হ'ল সাংবাদিকৰ । শেহতীয়াকৈ যোৱা ২ অক্টোবৰত চামতাৰ জামৰতলত নিচাযুক্ত দ্ৰব্য বিক্ৰী কৰি থকা অবস্থাত ৰাইজে হাতে লোতে ধৰি আৰক্ষীক গটাই দিছিল দুজন যুৱকক । এই বিষয়ে বাতৰি পৰিবেশন কৰাত ৩ অক্টোবৰত চামতাৰ সাংবাদিক অনিমেষ বৰ্মনক দুপৰীয়া চামতাৰ কেন্দুৰতলত ড্ৰাগছ মাফিয়াই বাট আগচি ধৰি আক্ৰমণ কৰে ।

সাংবাদিক অনিমেষ বৰ্মনক আক্ৰমণৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ

সাংবাদিক অনিমেষ বৰ্মনৰ আক্ৰমণকাৰী শুকেকুছিৰ ফইজুল আলিক বেলশৰ আৰক্ষীয়ে আটক কৰে যদিও আন এজন মূল অভিযুক্ত আমনিৰ হিমাংশু বৰ্মনক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । সাংবাদিক অনিমেষ বৰ্মনক আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সহযোগত চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ পৰা পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায় ।

প্ৰতিবাদকাৰী সকলে ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰক, অনিমেষ বৰ্মনৰ আক্ৰমণ কাৰীক গ্ৰেপ্তাৰ কৰক, অ-সামাজিক কাৰ্য বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে চামতাৰ ৰাজপথ । শেষত সাংবাদিক আক্ৰমণকাৰী সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শান্তি দিবলৈ দাবী জনোৱাৰ লগতে পশ্চিম নলবাৰী অঞ্চলৰ পৰা মদ, গাঞ্জা, ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰি অ-সামাজিক কাৰ্য বন্ধ কৰাৰ দাবীৰে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু নলবাৰী জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ, পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদ, চামতা আঞ্চলিক ক্ৰীড়া সংঘ, আদি বিভিন্ন দল- সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয় ববীয়াই অংশ লয় ।

লগতে পঢ়ক :প্ৰশ্নকাকত ফাদিল চৰকাৰৰ মূল আঁচনি: ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details