নলবাৰী, ৩০ মাৰ্চ :নৰেন্দ্ৰ মোডী গ’ বেক, বিজেপি চৰকাৰ হায় হায় ইত্যাদি ধ্বনিৰে উত্তাল হ’ল নলবাৰী চহৰ ৷ কিয়নো এইবাৰ নলবাৰীত AJYCP য়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ (AJYCP Protest in Nalbari) ৷ কেৱল প্ৰতিবাদ কৰাই নহয় প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীতে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি (PM Modi's effigy burnt in Nalbari) ৷
উল্লেখ্য যে, প্ৰতিদিনাই ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ পৰা আদি কৰি পেট্ৰ’ল-ডিজেলৰ মূল্যও (Price hike in Assam) ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে ৰাজ্যৰ সৰ্ব-সাধাৰণ ৰাইজক ৷ এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে খাটি খোৱা লোকসকল ৷