অসম

assam

ETV Bharat / state

চিকিৎসক আক্ৰমণ: মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ নলবাৰী জিলা সমিতিৰ

চিকিৎসক আক্ৰমণৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে । বৃহস্পতিবাৰে নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে । হোজাই জিলাৰ উদালীৰ ক'ভিড কেন্দ্ৰত সেউজ কুমাৰ সেনাপতি নামৰ এগৰাকী চিকিৎসকক বৰ্বৰভাৱে আক্ৰমণ কৰিছিল একাংশ উদণ্ড লোকে ।

By

Published : Jun 4, 2021, 10:05 AM IST

AJYCP on Hojai Doctor attack incident
চিকিৎসক আক্ৰমণৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ নলবাৰী জিলা সমিতিৰ

নলবাৰী, ৪ জুন: হোজাইৰ চিকিৎসক আক্ৰমণৰ ঘটনাক গৰিহণা দিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই ঘটনাৰ শীঘ্ৰে তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ।

বৃহস্পতিবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে । নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰখন প্ৰেৰণ কৰে সংগঠনটোৰ নেতৃত্বই । আনহাতে, বৃহস্পতিবাৰে যুৱ ছাত্র পৰিষদৰ, নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা, সাধাৰণ সম্পাদক কৌশিক বৰ্মন, উপদেষ্টা গৌতম কুমাৰ শৰ্মা, নিৰোদ দাস, যোগেশ কলিতা, যুটীয়া সম্পাদক প্ৰাঞ্জল কলিতা, নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা, সাধাৰণ সম্পাদক হেমেন কলিতা, যুটীয়া সম্পাদক জিন্টু মনি কলিতা, বিত্ত সম্পাদক চাহিল মল্লিকৰ নেতৃত্বত সংগঠনটোৰ নেতা-কৰ্মকৰ্তাৰ এটা দলে জিলাখনৰ নৱ নিযুক্ত উপায়ুক্তক সাক্ষাৎ কৰি যুৱ ছাত্র পৰিষদৰ হৈ উষ্ম সম্ভাষণ জনায় ।

চিকিৎসক আক্ৰমণৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ নলবাৰী জিলা সমিতিৰ

হোজাইৰ উদালীত সংঘটিত হোৱা নিন্দনীয় ঘটনাৰ যাতে পুণৰাবৃত্তি নহয়, তাৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈও স্মাৰক পত্ৰযোগে ৰাজ্য চৰকাৰক দাবী জনায় সংগঠনটোৱে ।

লগতে পঢ়ক:টীয়কত হোম কোৱাৰেণ্টাইনত থকা লোকক খাদ্য সামগ্ৰীৰ যোগান

ABOUT THE AUTHOR

...view details