নলবাৰী, 4 ছেপ্টেম্বৰ :প্ৰতি বছৰৰ দৰে এইবেলিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আয়োজন কৰে সদৌ অসম ভবেন বৰুৱা সোঁৱৰণী শিশু নাট প্ৰতিযোগিতাৰ (All Assam bhaben Baruah Memorial Drama Competition)৷ প্ৰতিযোগিতাখনিৰ লগত সংগতি ৰাখি আন বছৰবোৰৰ দৰে এইবেলিও পৰিষদৰ নলবাৰী জিলা সমিতিয়ে এগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ ভবেন বৰুৱা বঁটা (Bhaben Baruah award 2022) আগবঢ়ায় ৷
‘‘বহাগৰ দুপৰীয়া’’, ‘নায়ক’, ‘‘ককাদেউতাৰ ঘৰজোঁৱাই’’, ‘‘মা তুমি অনন্যা’’কে ধৰি শতাধিক অসমীয়া ছবি তথা দূৰদৰ্শন ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবি, ভিডিঅ’ ছবি আৰু চাৰিশতকৈও অধিক অনাতাঁৰ নাটত মননশীল অভিনয়েৰে অসমীয়া শ্ৰোতা-দৰ্শকৰ বুকুৰ আপোন হৈ পৰা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ এইবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে প্ৰদান কৰে চলিত বৰ্ষৰ ভবেন বৰুৱা বঁটা (AJYCP Felicitated actor Dinesh Das) ৷
লগতে পঢ়ক :Bhaben Baruah Award 2022 : জ্যেষ্ঠ অভিনেতা দিনেশ দাসলৈ ২০২২ বৰ্ষৰ ভৱেন বৰুৱা বঁটা