নলবাৰী, 18 মাৰ্চ: বুধাবাৰে অসম জাতীয় পৰিষদৰ নলবাৰী সমষ্টিৰ প্ৰাৰ্থী নগেন ডেকাই ভাৰতীয় টকিজৰ চৌহদত উদ্বোধন কৰা মুখ্য নিৰ্বাচনী কাৰ্যলয়ত এক সংবাদ মেল সম্বোধন কৰে ৷
প্ৰাৰ্থী নগেন ডেকাই মন্তব্য কৰে যে, বিজেপি দলে নিৰ্বাচন বিধি উলংঘা কৰিছে ৷ বিশেষকৈ নলবাৰী সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই নিৰ্বাচন বিধি উলংঘ কৰিছে ৷ অসম পৰ্যটন নিগমৰ ধনেৰে নিৰ্বাচন বিধি বলবৎ হোৱাৰ পাছতো ভোট কিনাৰ বাবে মোবাইল ফোন বিতৰণ কৰি অপৰাধ কৰিছ ৷ বিজেপি দল পৰাজয়ৰ ভয়ত এতিয়া মদ-মাংস, টকা আৰু মোবাইল বিতৰণৰ ৰাজনীতিত নামিছে বুলি মন্তব্য কৰে প্ৰাৰ্থী নগেন ডেকাই ৷ আনকি এইবাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে অধিক ভোটত জয়ী হ’ব বুলি মন্তব্য কৰে প্ৰাৰ্থী নগেন ডেকাই ৷