নলবাৰী, 25 জানুৱাৰী :নলবাৰীত নৱ গঠিত আঞ্চলিক দল 'অসম জাতীয় পৰিষদ'ৰ নলবাৰী জিলা 'জাতীয় মহিলা শক্তি' আৰু নলবাৰী সমষ্টি 'জাতীয় মহিলা শক্তি' গঠন ৷ 'অসম জাতীয় পৰিষদ'ৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক তথা নলবাৰী জিলাৰ পৰ্যবেক্ষক দেৱজিৎ অধিকাৰীৰ সভাপতিত্বত মাৰোৱাৰী ধৰমশালাত এখন সভা অনুষ্ঠিত কৰি গঠন কৰা হয় ৷
উক্ত সভাতে জিলাখনৰ শতাধিক পুৰুষ-মহিলাই কংগ্ৰেছ, অগপ আৰু বিজেপিৰ পৰা আহি 'অসম জাতীয় পৰিষদ'ত যোগদান কৰে ৷ সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক অমল ডেকা, তথ্য আৰু প্ৰযুক্তিৰ সম্পাদক দেৱজিৎ চৌধুৰী, তথ্য আৰু প্ৰযুক্তিৰ মুখপাত্ৰ মৃণাল প্ৰীতম বৰুৱা, এজেপিৰ নলবাৰী জিলা মুখ্য আহ্বায়ক নগেন ডেকা, ভূপেন তালুকদাৰ, সুৰেন শৰ্মাই ভাষণ দি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷