নলবাৰী, ৩০ নৱেম্বৰ: ২০২১ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰণকৌশল যুগুত কৰাত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ । নৱগঠিত দলসমূহেও শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ প্ৰস্তুতি চলাইছে । দেওবাৰে নলবাৰীৰ ধৰ্মপুৰৰ চামতাত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ নলবাৰী জিলা জাতীয় যুৱ শক্তিৰ জিলা আহ্বায়ক সমিতি গঠনৰ প্ৰতিনিধি সভা । প্ৰতিনিধি সভাত উপস্থিত থাকি দলটোৰ কেন্দ্ৰীয় আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে কয় যে, 'জাতি ৰক্ষাৰ বাবে প্ৰয়োজন সাপেক্ষে জাতিদ্ৰোহী ভাই-ককাইৰ সতে যুঁজ দিবলৈ আমি সাজু । যুঁজি জয় হোৱাৰ বাবে আমি ওলাই আহিছো ৷'
ধৰ্মপুৰত নিৰ্বাচনী ৰণ শিঙা বজাইছে অসম জাতীয় পৰিষদে - in-nalbari
ধৰ্মপুৰত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ নলবাৰী জিলা জাতীয় যুৱ শক্তিৰ জিলা আহ্বায়ক সমিতি গঠনৰ প্ৰতিনিধি সভা । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি ধৰ্মপুৰত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্ব । জাতি ৰক্ষাৰ বাবে প্ৰয়োজনত জাতিদ্ৰোহী ভাই-ককাইৰ সতে যুঁজ দিবলৈ সাজু বুলিও মন্তব্য কৰে নৱগঠিত দলটোৰ কেন্দ্ৰীয় আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে ।
চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰাংগনত অনুষ্ঠিত সভাত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখপাত্ৰ অভিজিৎ কমল ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ২০২১ চনৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী ড° শিখৰ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষা সাহিত্য সংস্কৃতিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° উমেশ ডেকাকে প্ৰমুখ্যে কেইবাগৰাকীও কেন্দ্ৰীয় আহ্বায়ক ।
সভাত ড° শিখৰ কুমাৰ শৰ্মাই কয় যে, 'অসমৰ ভৌগোলিক, ৰাজনৈতিক ক্ষেত্ৰৰ প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ ভাষা, সংস্কৃতি, ধৰ্ম সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত আমি অসম জাতীয় পৰিষদে বিজপি, কংগ্ৰেছ, এ আই উ ডি এফ আৰু অগপৰ বাহিৰে সকলো ৰাজনৈতিক দলৰ সৈতে আমি ঐকমত্যত উপনীত হৈ অসমৰ ৰাজনীতিত পৰিৱৰ্তনৰ সুচনা কৰাটো প্ৰায় খাটাং ৷' প্ৰতিনিধি সভাত শতাধিক যুৱ প্ৰতিনিধিয়ে অংশ লয়।
লগতে পঢ়ক:মহিলাসহ বেংক ডকাইতিত জড়িত তিনিজনক আটক