নলবাৰী, 19 জুলাই :নলবাৰীৰ মুকালমুৱাত উপস্থিত হৈ বানপীড়িতৰ সমস্যাৰ বুজ ল'লে নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷ সেই স্থানতে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক তথা নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে, আঞ্চলিক গণ মৰ্চাই 2021 চনত বিজেপিক উৎখাত কৰিব ৷ গণ মৰ্চা গঠন হোৱাৰ পূৰ্বে আছুক আবেদন জনোৱা হৈছিল কিন্তু কোনো সঁহাৰি লাভ নকৰিলে ৷ সেয়ে অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হ’ল নতুন আঞ্চলিক শক্তি ৷ "কা" বিৰোধী শক্তিয়ে দিল্লীলৈ এগৰাকী সাংসদ পঠালে ৷ এয়া শুভ লক্ষণ ৷ বিজেপিৰ বিৰুদ্ধে ৰাইজৰ বুকুত উমি উমি জ্বলি থকা জুইকুৰা সময়ত বিস্ফোৰণ হ'ব বুলি জনাই তেওঁ ৷
উল্লেখযোগ্য যে, নতুনকৈ গঠিত আঞ্চলিক গণ মৰ্চাৰ নেতৃত্ববৰ্গই আজি পোন প্ৰথমবাৰৰ বাবে নলবাৰীৰ বৰক্ষেত্ৰীত ৰাজনৈতিক অভিযান চলায় । বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ভিন্ন প্ৰান্তত উপস্থিত হৈ সঁজাতি দলটোৱে সমষ্টিটোৰ ব্ৰহ্মপুত্ৰৰ বান, গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যাৰ বুজ লয় । দলটোক হাজো দৌলাশাল পথকে ধৰি মুকালমুৱাৰ ভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠন, শুভাকাংশীয়ে উষ্ম আদৰণি জনায় ।