নলবাৰী, 21 ফেব্ৰুৱাৰী: আগন্তুক অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাতে প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ তৎপৰতা । আন আন সমষ্টিৰ সমান্তৰালকৈ পিছ পৰি থকা নাই পাটাছাৰকুছি বিধানসভা সমষ্টিও । সমষ্টিটোত বিজেপি নে অগপই প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেইয়া এতিয়াও চুড়ান্ত হোৱা নাই যদিও দুয়োটা দলে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷
দেওবাৰে সমষ্টিটোৰ টিহুৰ মাখিবাহাত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ মাখিবাহা আঞ্চলিক পৰিষদৰ এখন সাধাৰণ সভা । অগপৰ নলবাৰী জিলা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ড৹ ফটিক চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত অগপ নেতা ড৹ ৰঞ্জিত ডেকা, অমিয় দাস, বানী কলিতা, ধৰ্মেশ্বৰ ৰয়, ধ্ৰুৱ দত্ত, হৰেকৃষ্ণ মেধিকে ধৰি বহুকেইজন নেতাই অংশ গ্ৰহণ কৰে ৷
পবিন্দ্ৰ ডেকা এতিয়া মামৰে ধৰা লোহা:অগপ নেতা অমিয় কুমাৰ দাস সভাখনত অংশ গ্ৰহণ কৰি অগপ নেতা অমিয় কুমাৰ দাসে সদ্য পদত্যাগী বিধায়ক পবিন্দ্ৰ ডেকাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, পবিন্দ্ৰ ডেকা এতিয়া মামৰে ধৰা লোহা, যিয়ে বিন্ধিলে টিটেনাচ ল'ব লাগে । সেয়ে সকলোৱে পবিন্দ্ৰ ডেকাৰ সংগ ত্যাগ কৰিছে । এসময়ৰ আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিচিত পাটাছাৰকুছি সমষ্টিত বৰ্তমান আৰু ভৱিষ্যতলৈও আঞ্চলিকতাবাদৰ নিচান উৰি থাকিব ।
একেখন সভাতে অগপ নেতা ড৹ ৰঞ্জিত ডেকাই কয়, পবিন্দ্ৰ ডেকা এতিয়া অ-প্ৰাসংগিক ৷ পবিন্দ্ৰ ডেকাৰ নেতৃত্বত পাটাছাৰকুছি সমষ্টিত অগপ বহু দুৰ্বল হৈছিল যদিও তেওঁৰ পদত্যাগৰ পাচত এতিয়া পুনৰ শক্তিশালী ৰূপত অসম গণ পৰিষদ দলে ঠন ধৰিছে সমষ্টিটোত ৷ আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিত অগপই প্ৰাৰ্থী দিব আৰু বিপুল ভোটত জয়ী হ'ব বুলিও স্পষ্ট ভাবে মত প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷
লগতে পঢ়ক:বলীন চেতিয়াৰ বিৰুদ্ধে দলীয় কৰ্মীক প্ৰাণে মৰাৰ অভিযোগ