নলবাৰী, 9 অক্টোবৰ :দেওবাৰে নলবাৰীৰ আদাবাৰীত অসম গণ পৰিষদৰ বৰক্ষেত্ৰী সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় । বৰক্ষেত্ৰী সমষ্টিত অগপৰ ভেঁটি শক্তিশালী কৰি আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত অগপ দলে শক্তিশালীভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ সেই উদ্দেশ্যে উক্ত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয় ।
অগপ দলৰ নেতা জাহিৰ আলম চৌধুৰীয়ে আঁতধৰা সভাখনত সঞ্চালনা কৰে খগেন মেধীয়ে ৷ এই কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ক্ৰমে আক্ৰাম হুছেইন আৰু ৰঞ্জিত ডেকা, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিলীপ দাস, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইকে ধৰি অঞ্চলটোৰ অগপৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকল ।
855 জন শ্বহীদৰ আত্মবলিদানত গঠিত আঞ্চলিক দল অগপৰ ভেঁটি আৰু অধিক শক্তিশালী কৰিব লাগিব বুলি বুলি কয় অগপ দলৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে । সভাখনত উপস্থিত থকা অগপ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাইক আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ তৃণমূল কৰ্মীসকলে দলীয় নেতৃত্বক দাবী কৰিছে বুলি জানিবলৈ দিয়ে ।