নলবাৰী,২৯ এপ্ৰিল:নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী ছাত্ৰীক এজন যুৱকে অশ্লীল প্ৰস্তাৱ দিয়াৰ পাচতে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিৱেশৰ । ঘটনা অনুসৰি, নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰৱালাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিছিল কুটনিকুছিৰ এজন যুৱকে (Indecent proposal to girl) । ঈদ উপলক্ষে বিদ্যালয়খনত অনুষ্ঠিত খেল-ধেমালি প্ৰতিযোগিতা চলি থকা সময়ত বাহিৰৰ পৰা ফুৰিবলৈ অহা এজন যুৱকে বৰবালাৰ জ্ঞান বিকাশ একাডেমীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক দিছিল অশ্লীল প্ৰস্তাৱ (Agitated over indecent proposal to girl in Nalbari) ।
কিন্তু ছাত্ৰীগৰাকীয়ে প্ৰস্তাৱ মানি নোলোৱাত হাতত ধৰি টানি নিয়াৰ লগতে শাৰিৰীকভাৱে অপদস্থ কৰাৰ চেষ্টা চলোৱাৰ সময়তে বিদ্যালয়খনৰ ছাত্ৰসকলে যুৱকজনক আটক কৰি বিদ্যালয় পৰিচালনা সমিতিৰ হাতত গতায় দিয়ে (Attempt to humiliate a student) । পৰৱৰ্তী সময়ত যুৱকজনৰ অভিভাৱকক খৱৰ দিয়াত যুৱকজনৰ পৰিয়ালে গুন্দা বাহিনীৰ এটা দল লৈ আহি জ্ঞান বিকাশ একাডেমীৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে ছাত্ৰীগৰাকীৰ ভিনিহিয়েকক চোকা অস্ত্ৰৰে মূৰত আঘাত কৰে লালমিয়া আলী নামৰ যুৱকজনে ।