গুৱাহাটী, 14 নৱেম্বৰ:অসমলৈ আহিছে ড্ৰীম গাৰ্ল ৷ ড্ৰীম গাৰ্লক এবাৰ ওচৰৰ পৰা চাবলৈ বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুৱাৰে পৰা গুণমুগ্ধই ভিৰ কৰিছেহি ৷ আজি ৰাস চাবলৈ অসমত উপস্থিত হৈছে ড্ৰীম গাৰ্লখ্যাত বলীউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী ৷
ৰাজ্যজুৰি ৰাসৰ উদুলি মুদুলি পৰিৱেশ (Raas Mahotsav in Assam) ৷ নলবাৰী ঐতিহ্যমণ্ডিত ৰাসত অংশগ্ৰহণৰ বাবে অসমত উপস্থিত হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী (Actress Hemamalini visited in Assam)৷
"মই ৰাসৰ কথা শুনি আহিছো ৷ মই মথুৰাটো ৰাস কৰি আহিছো৷ মোক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰণ জনোৱা অনুসৰি মই নলবাৰীলৈ ৰাস চাবলৈ আহিছো ৷ মই এই ৰাসৰ বৰ্ণাঢ্য কাৰ্যসূচী চাবলৈ অতিকৈ আগ্ৰহেৰে বাট চাইছো ৷ এইবাৰ মই অসমৰ ৰাস চাম ৷" বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈয়েই অনুৰাগীত দেখি অভিভূত হৈ পৰে অভিনেত্ৰীগৰাকী ৷ নলবাৰীৰ ৰাসত অংশগ্ৰহণ কৰাৰ আগ্ৰহেৰে সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে ৷
সোমবাৰে পুৱা ১০ বজাত বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰত অৱতৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ বিমান বন্দৰত উষ্ম আদৰণি জনোৱাৰ পিছতে হোটেল ৰেডিছন ব্লুলৈ অভিমুখে লৈ যোৱা হয় অভিনেত্ৰীগৰাকীক। হোটেলতে কিছু সময় জিৰণি লৈ বিয়লি হেমামালিনী ৰাওনা হ'ব নলবাৰীলৈ ।