অসম

assam

ভ্ৰাম্যমাণ থিয়েটাৰত অঘটন! চুক্তি কৰিও অভিনয় নকৰাৰ সিদ্ধান্ত অভিনেত্ৰীৰ

By

Published : Jun 21, 2019, 1:24 PM IST

বৰদৈচিলা থিয়েটাৰত চুক্তি স্বাক্ষৰ কৰা অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ অভিজিৎ ভট্টাচাৰ্য্যৰ মহিয়সী নাটকক লৈ মতভেদ হোৱাৰ অভিযোগ । সমগ্ৰ সংঘাতৰ আঁৰত এগৰাকী সাংবাদিক থকাৰো অভিযোগ বৰদলৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামৰ ৷

ভ্ৰাম্যমাণ থিয়েটাৰত অঘটন! চুক্তি কৰিও অভিনয় নকৰাৰ সিদ্ধান্ত অভিনেত্ৰীৰ

নলবাৰী,21জুনঃ ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ সংঘটিত হ'ল অঘটন । এগৰাকী অভিনেত্ৰীক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি ভ্ৰাম্যমাণ জগতত । চুক্তি কৰিও থিয়েটাৰত নথকাৰ সিদ্ধান্ত ল'লে এগৰাকী অভিনেত্ৰীয়ে ৷ অভিযোগ মতে সাংবাদিক এগৰাকীৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰত সৃষ্টি হ'ল অবিশ্বাসৰ । যাৰ বাবে এতিয়া অভিনেত্ৰী প্ৰাঞ্জনা দত্ত আৰু বৰদৈচিলা থিয়েটাৰৰ স্বতাধিকাৰীৰ মাজত সৃষ্টি হ'ল সংঘাত । প্ৰযোজক নজৰুল ইছলামৰ মতে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাটকক লৈ আপত্তি প্ৰদৰ্শন কৰে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই । ইপিনে ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰাৰ বাবে সাজু হোৱাৰ সময় যদিও এই সময়তে এইদৰে এগৰাকী অভিনেত্ৰী আৰু নাট্যদলৰ মাজত হোৱা সংঘাতে চিন্তিত কৰি তুলিছে আয়োজক সমিতি আৰু শিল্পী সমাজক । এই বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ ইতিমধ্যে বৰদৈচিলা থিয়েটাৰে নতুনকৈ চুক্তিবদ্ধ কৰিলে অভিনেত্ৰী মিচ কল্পনাক । মৃদুল ভূঞা আৰু মিছ কল্পনাক লৈ এতিয়া যথেষ্ট আশাবাদী প্ৰযোজক নজৰুল ইছলাম ৷ সমগ্ৰ সংঘাতৰ আঁৰত এগৰাকী সাংবাদিক থকাৰো অভিযোগ বৰদলৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামৰ ৷

ভ্ৰাম্যমাণ থিয়েটাৰত অঘটন! চুক্তি কৰিও অভিনয় নকৰাৰ সিদ্ধান্ত অভিনেত্ৰীৰ

ABOUT THE AUTHOR

...view details