ভৱেশ বৰুৱাক প্ৰদান ২০২৩ ভৱেন বৰুৱা বঁটা নলবাৰী, ৪ ছেপ্টেম্বৰ:অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত আয়োজন কৰা হয় ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ দ্বিতীয় দিনা সন্ধিয়া অনুষ্ঠিত হয় এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান ৷ এই অনুষ্ঠানতে বিশিষ্ট অভিনেতা ভবেশ বৰৱাক ভবেন বৰুৱা -২০২৩ বঁটা প্ৰদান কৰা হয় ।
যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷ আনহাতে পৰিচালনা সমিতিৰ সম্পাদক যোগেশ কলিতাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অভিনেতাগৰাকীক বঁটাৰ লগতে নগদ পোন্ধৰ হাজাৰ টকা, চেলেং চাদৰ, ফুলাম গামোচা, স্মাৰক আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয় ।
বঁটা প্ৰদান অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিটিৰ সভাপতি পলাশ চাংমাইৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে, বঁটা প্ৰদানৰ পূৰ্বে বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাক শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণৰ পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে নাট্য মন্দিৰলৈ আদৰি অনা হয় ৷
এই সন্দৰ্ভত ভৱেশ বৰুৱাই কয়- এই বঁটা লাভ কৰি নথৈ আনন্দিত হৈছোঁ । এতিয়া মৰিলেও আপত্তি নাই । জীৱনৰ ৪০ টা বৰ্ষ অভিনয় জগতেৰে নলবাৰীতেই থাকিলো । পূৰ্ৱে পোৱা সকলো বঁটাতকৈও যেন এই ভবেন বৰুৱা বঁটাটিলৈ মনতে এটা ডাঙৰ আশা আছিল । যিটো বঁটা পাই জীৱনৰ সকলো সুখ পোৱা যেন লাগিল । এই বঁটা প্ৰদান কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ নলবাৰী জিলা সমিতিক আন্তৰিক কৃতজ্ঞতা জনাইছো ।
তেওঁ লগতে কয়-বৰ্তমানৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহক লৈ মই যথেষ্ট সুখী । নাটকৰ কাহিনী লৈহে এজন অভিনেতাৰ হাতত চৰিত্ৰ থাকে । সেই চৰিত্ৰবোৰ নাটকৰ কাহিনীৰ লগত মিলাই নিব পৰা হলেই হ’ল ৷ বৰ্তমানৰ যুৱ অভিনেতাসমূহে সুন্দৰভাবে মঞ্চজগতত অভিনয় কৰি আহিছে বুলি সদৰী কৰে মঞ্চ অভিনেতা ভৱেশ বৰুৱাই । ভ্ৰাম্যমাণ গোষ্ঠীত বৰ্তমানৰ পৰিস্থিতি সাপেক্ষে নাটকত কিছু চৰিত্ৰ ল’বই লাগিব, সেই চৰিত্ৰ সুকলমে অতি সুন্দৰতাৰে অভিনয় কৰি যোৱাটোহে আচল কথা ।
আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইয়েও যথেষ্ট আনন্দ অনুভৱ হোৱাৰ কথা ব্যক্ত কৰে সাংবাদিকৰ আগত । তেওঁ সাংবাদিকৰ আগত কয়- প্ৰতিবছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে আয়োজন কৰা ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতা আৰু ইয়াৰ লগত সংগতি ৰাখি প্ৰতিবছৰে একোগৰাকী মঞ্চ জগতৰ অভিনেতাক ভৱেন বৰুৱা সোঁৱৰণী বঁটা প্ৰদান কৰি অহা বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো । এইবেলি ভৱেন বৰুৱা ২০২৩ বঁটা মঞ্চ জগতৰ অন্যতম মহানায়ক জ্যেষ্ঠ অভিনেতা ভৱেশ বৰুৱাক প্ৰদান কৰিব পাই যথেষ্ট সুখ অনুভৱ কৰিছো ৷
লগতে শিলসাকোঁ বিলত উচ্ছেদ প্ৰসংগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে চৰকাৰক পোনতে সংস্থাপন আৰু জাননী দিহে উচ্ছেদ কৰিবলৈ দাবী জনায় । ভূমিহীন লোকক ভূমি পট্টা নিদিয়াকৈ কেৱল শিলসাকোঁৱেই নহয় অসমত যিকোনো ঠাইত কোনো আগজাননী, সংস্থাপন নোহোৱাকৈ চৰকাৰৰ উচ্ছেদ অভিযানক একপ্ৰকাৰে ধিক্কাৰ প্ৰদান কৰে পলাশ চাংমাইয়ে ।
লগতে পঢ়ক:Happy Birthday Rishi Kapoor: প্ৰথমখন ছবিৰ পৰাই তাৰকা ৰূপে পৰিগণিত হৈছিল ঋষি কাপুৰ, অমিতাভ বচ্চনৰ সৈতে হিট আছিল যুটি