নলবাৰী, 19 ছেপ্টেম্বৰ :খক গুচা নাই লাট মণ্ডলৰ ৷ দৰমহাৰ টকাৰে পেট নভৰে এইসকল চৰকাৰী কৰ্মচাৰীৰ ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ (Operation against corruption) পাচতো প্ৰশাসনক ভেঙুচালি কৰি একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দপদপনি অব্যাহত আছে ৷
ৰাজ্যত প্ৰতিদিনে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰাৰ (Allegation of bribery against Lat Mandal in Nalbari) সময়তে নলবাৰী জিলাৰ মুকালমুৱাৰ সোণাপুৰত এগৰাকী লাট মণ্ডলৰ সম্পত্তি জব্দ কৰে প্ৰশাসনে । ভূমি জালিয়তিৰ গোচৰত অভিযুক্ত লাট মণ্ডল জাকিৰ হুছেইনৰ এটা পুখুৰী জব্দ কৰে প্ৰশাসনে ।
পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ লাট মণ্ডল আছিল জাকিৰ হুছেইন ।
পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বড়ি টাপা লাটৰ লাট মণ্ডল জাকিৰ হুছেইনে একাংশ ভূ-মাফিয়াৰ লগত লগ লাগি জালিয়াতিৰে ভূমি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ ভূক্তভোগীয়ে । ভুক্তভোগী লোকৰ অভিযোগৰ ভিত্তিত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পনা শৰ্মাই তদন্ত কৰি লাট মণ্ডল জাকিৰ হুছেইনৰ বিৰুদ্ধে চলিত বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখে বেলশৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ।