অসম

assam

By

Published : Jun 24, 2019, 10:59 PM IST

ETV Bharat / state

নলবাৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

দুৰ্ঘটনাত নিহত চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত জোৱান

নলবাৰীত সংঘটিত শোকাৱহ দুৰ্ঘটনা

নলবাৰী, 24 জুনঃ নলবাৰীৰ জাজিয়াবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী চুইফট ডিজায়াৰে মহতিয়াই লৈ যায় এজন ব্যক্তিক ৷ প্ৰায় এঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাই পথত চটফটাই থাকি মৃত্যুক সাৱটি ল’লে ব্যক্তিজনে ৷ নিহত হোৱা ব্যক্তিগৰাকী পাইকাৰকুছিৰ লাৱণ্য বৰ্মণ বুলি চিনাক্ত কৰা হৈছে ৷

নলবাৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

আনহাতে, 108 নম্বৰ এম্বুলেঞ্চ সময়মতে আহি নোপোৱাৰ বাবে কৰুণ মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত জোৱান লাৱণ্য বৰ্মণে চাইকেলেৰে ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ঘটনা ৷

ABOUT THE AUTHOR

...view details