অসম

assam

ETV Bharat / state

Protest in Nalbari:গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেমেজালিৰ বিৰুদ্ধে নলবাৰীত এবিভিপিৰ প্ৰতিবাদ - Akhil Bharatiya Vidyarthi Parishad

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বেমেজালিৰ অভিযোগ উত্থাপন কৰি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন ।

ABVP protest
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ABVP

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:17 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ABVP

নলবাৰী, ৮ ছেপ্টেম্বৰ:বিভিন্ন শিতানৰ বেমেজালি আৰু মাচুল বৃদ্ধিৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ । নলবাৰী চহৰত শুক্ৰবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় । নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত সন্মুখত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলা সমিতিয়ে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আটাইবোৰ মহাবিদ্যালয়তে ফলাফলৰ বিসংগতি, অত্যাধিক মাচুল বৃদ্ধি কৰাৰ বাবে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে অখিল ভাৰতীয় বাবে বিদ্যাৰ্থী পৰিষদ ।

উল্লেখ্য যে দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাৰ ফলাফলত গুৱাহাটী বিশ্ববিদ্যালয়ে দুদিনকৈ ফলাফল ঘোষণা কৰাৰ অভিযোগ উত্থাপন কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলা সমিতিয়ে । যাৰ বাবে ছাত্র ছাত্ৰীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । কিয়নো স্নাতক দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাৰ ফলাফলত প্ৰতিবছৰে যথেষ্ট বিসংগতিয়ে দেখা দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত । এইবাৰো দুদিনকৈ ফলাফল ঘোষণা কৰাৰ অভিযোগ তুলি দুদিনৰ ফলাফলত ভিন্ন ভিন্ন ফলাফল ছাত্র ছাত্ৰীয়ে লাভ কৰাৰ অভিযযোগ উত্থাপিত হৈছে ।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সমগ্ৰ পৰীক্ষা, ফলাফল প্ৰক্ৰিয়বোৰ কোনোবো ম্যাদ উকলা কোম্পানীৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি কিমান টকাত গুৱাহাটী বিশ্ববিদ্যালয়ে এটা গধূৰ দায়িত্ব অৰ্পন কৰিছে তাক ৰাজহুৱা কৰাৰো দাবী জনাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলা সমিতিয়ে । অন্যথা ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে । লগতে পাঠ্যপুথিৰ অভাৱনীয়া হাৰৰ মূল্যবৃদ্ধি আৰু মাচুল বৃদ্ধি বন্ধ কৰাৰো দাবী জনাই নলবাৰী জিলা আয়ুক্তৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলা সমিতিয়ে । আজিৰ এই বিক্ষোভ কাৰ্যসূচীত নলবাৰী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰায় বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Assamese indigenous Muslims: দুই-এদিনৰ ভিতৰতে অসমীয়া মুছলমান লোকৰ বৃহৎ দাবী পূৰণ হ’ব; নেকিবুৰ জামান

ABOUT THE AUTHOR

...view details