নলবাৰী, 19 এপ্ৰিল : বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ ধৰ্মপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ বিশাল নিৰ্বাচনী সভা ৷ প্ৰথমতে ৰোড শ্ব' আৰু তাৰপাচতেই মুকলি সভাৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ৷
নলবাৰীত আব্দুল খালেকৰ প্ৰচাৰসভা
খালেকৰ সভাত বিজেপিক পাগল কুকুৰ আখ্যা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ ৷
নিৰ্বাচনী প্ৰচাৰত আব্দুল খালেকক সংগ প্ৰদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আৰু প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ সৈতে বহুকেইজন কংগ্ৰেছী নেতাই ৷ জনসভাতেই বিজেপিয়ে হিন্দু আৰু এ আই ইউ ডি এফে মুছলমান সম্প্ৰদায়ক লৈ ৰাজনীতি কৰা বুলিও কটু ভাষাৰে সমালোচনা কৰে আব্দুল খালেকে ৷ জনসভাতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগও উত্থাপন কৰে বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷
আনহাতে, এই জনসভাতেই কংগ্ৰেছৰ জনসমৰ্থন দেখি বিজেপিয়ে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা বুলিও বিজেপিক তাচ্ছিল্য কৰে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই ৷ বিজেপি শাসনৰ গাদীত অধিষ্ঠিত হ'লে অসমীয়াৰ অস্তিত্ব সংকটত পৰিব বুলিও উল্লেখ কৰে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে ৷