অসম

assam

ETV Bharat / state

কা বিৰোধিতা কৰা আঞ্চলিক দলক সমৰ্থন কৰিব আছুৱে: দীপাংক কুমাৰ নাথ - caa

নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু এই আইন সন্দৰ্ভত গাঁৱে-গাঁৱে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ছাত্ৰ সন্থাই ২০ মাৰ্চত বাইক ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ এই কথা মঙলবাৰে নলবাৰীত প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে ৷

AASU to support regional parties who will protest against CAA : Dipanka
কা বিৰোধিতা কৰি অসমৰ স্বাৰ্থক আগুৱাই নিয়া আঞ্চলিক দলক সমৰ্থন কৰিব আছুৱে: দীপাংক কুমাৰ নাথ

By

Published : Mar 16, 2021, 10:58 PM IST

নলবাৰী,16 মাৰ্চ: নলবাৰীৰ জাজিয়াবাৰীত যোৱা ১৪ মাৰ্চৰ নিশা তিনিগৰাকী ছাত্ৰ নেতাক দুৰ্বৃত্তই কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাই । মঙলবাৰে নলবাৰীৰ শ্বহীদ ভৱনত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে এই ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায় । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰ নেতা তিনিগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহি শ্বহীদ ভৱনত আছুৰ সভাপতি গৰাকীয়ে কয় যে, ইতিমধ্যে এই নিৰ্মম আক্ৰমণত জড়িত জ্যোতিষ দাস নামৰ অপৰাধীজনক ঘটনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে যদিও আনসকলক এতিয়াও কৰায়ত্ত নকৰাটো আৰক্ষী প্ৰশাসনৰ বাবে দুৰ্ভাগ্যৰ বিষয় ৷ পলাই ফুৰা অপৰাধী কেইজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাই নাথে ৷

আছুৰ সভাপতি গৰাকীয়ে ৪৩ বছৰৰ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নাই আৰু ভৱিষ্যতে মানি নলয় বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে । তদুপৰি হিন্দু বাংলাদেশীক সংস্থাপন কৰিব খোজাসকলকো ছাত্ৰ সন্থাই দৃষ্টিত ৰাখিব বুলি উল্লেখ কৰে ৷

কা বিৰোধিতা কৰা আঞ্চলিক দলক সমৰ্থন কৰিব আছুৱে: দীপাংক কুমাৰ নাথ

ইপিনে ২০ মাৰ্চত এই আইন বাতিল আৰু আইনখন সন্দৰ্ভত গাঁৱে-গাঁৱে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ছাত্ৰ সন্থাই বাইক ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা প্ৰকাশ কৰে আছুৰ সভাপতি গৰাকীয়ে । অসমীয়া জাতিৰ স্বাভিমান বুজি নোপোৱা বিজেপি দলটোক নিৰ্বাচনত উৎখাত কৰা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে নাথে ৷

নিৰ্বাচন সন্দৰ্ভত আছু নেতাগৰাকীয়ে আগন্তুক দিনত জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত যি দলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অসমৰ স্বাৰ্থ আগত ৰাখি এক পৰিকল্পনাৰে আগবাঢ়িব, সেই আঞ্চলিক দলকে পৰৱৰ্তী পৰ্যায়ত আগুৱাই নিয়াৰ পোষকতা কৰে । উল্লেখ্য যে, আছু নেতাগৰাকীয়ে ভুক্তভোগী ৰুবুল বৰ্মন, নৱ ডেকা আৰু বিশ্বজিৎ ভৰালীৰ ঘৰলৈ গৈ স্বাস্থ্যৰ বুজ লয় ।

লগতে পঢ়ক :বিহালীত বিজেপি-চিপিআইএমএলৰ মাজত এইবাৰৰ নিৰ্বাচনী মূল যুঁজ

ABOUT THE AUTHOR

...view details