নলবাৰী, ২২ জুলাই :নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শনিবাৰে নলবাৰীৰ নাট্য মন্দিৰত এক "বিশেষ অভিনন্দন" অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এইবেলি অৰ্থাৎ ২০২৩ বৰ্ষত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যয়ন কৰা শিক্ষানুষ্ঠানসমূহৰ প্ৰধান শিক্ষক বৃন্দক অভিনন্দন তথা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সদৌ নলবাৰী জিলা ছাত্ৰই অইন বেলিৰ দৰে এইবেলিও "বিশেষ অভিনন্দন" অনুষ্ঠান অনুষ্ঠিত কৰে ।
সেই মৰ্মে নলবাৰী নাট্য মন্দিৰ প্ৰাংগণত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, শিক্ষক জয়ন্ত পাঠক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচীব ড৹ জগদীশ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক কাৰ্য নিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাকে প্ৰমুখ্য কৰি আছু নেতা-কৰ্মী আৰু প্ৰাক্তন ছাত্ৰ নেতা ৷