অসম

assam

ETV Bharat / state

নলবাৰীত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সময়তে ভূতৰ ওপৰত দানহ পৰাৰ দৰে মূল্যবৃদ্ধিয়ে জীয়াতু ভোগাইছে ৰাইজক ৷ এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

aasu-protest-in-nalbari
নলবাৰীত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Apr 30, 2021, 9:51 PM IST

নলবাৰী, 30 এপ্ৰিল : কৰ’ণাই কালৰূপ ধাৰণ কৰাৰ সময়তে আকাশলংঘী মূল্যবৃদ্ধিয়ে ভূতৰ ওপৰত দানহ পৰাদি অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক । এই পৰিস্থিতিৰ বাবে সৰ্ব-সাধাৰণে পেটত গামোচা বান্ধিব লগা হৈছে । শুকুৰবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকাৰ নেতৃত্বত ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক ছাত্ৰ কৰ্মীয়ে খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নলবাৰী চহৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক’ভিড প্ৰট’কল অৱলম্বন কৰি বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ন কৰে ।

বিক্ষোভ স্থলীত ছাত্ৰ কৰ্মী সকলে হাতে হাতে ফেষ্টুন লৈ যোগান বিভাগ হায়!হায়!, মূল্যবৃদ্ধি ৰোধ কৰক, ক'লাবেপাৰী হুচিয়াৰ, মধ্যভোগী দালাল হুচিয়াৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, আমাক খাই জীয়াই থাকিবলৈ দিয়ক, কমিছন ৰাজ বন্ধ কৰক, চিণ্ডিকেট ৰাজ বন্ধ কৰক, অকৰ্মন্য যোগান বিভাগ হায়!হায়! আদি শ্ল’গানেৰে উত্তাল কৰে পৰিবেশ ।

নলবাৰীত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সময়ত নলবাৰীত একাংশ ব্যৱসায়ীয়ে যোগান বিভাগৰ কৰ্মচাৰীৰ লগত গোপন বুজাবুজি ৰাখি নিজ খুচি মতে দাম বৃদ্ধি কৰি মুনাফা লাভ কৰাত লাগিছে। যাৰ ফলত সৰ্ব সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে । এই পৰিস্থিতিত অসাধু ব্যৱসায়ীক নাকী লগোৱাটো দূৰৰ কথা গোপন বুজাবুজিৰ মাজেৰে কমিছনৰ অংক কৰি ব্যক্তিগত মুনাফা লাভৰ অংকত ব্যস্থ হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ।

জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে কয় যে, মূল্যবৃদ্ধিয়ে সৰ্বসাধৰণ ৰাইজক মাধামাৰ শোধাইছে । গতিকে অনতিপলমে বিভাগীয়ভাৱে মূল্যবৃদ্ধি ৰোধ কৰি ৰাইজক সকাহ দিব লাগে । লগতে মূল্যবৃদ্ধি ৰোধ নকৰা পৰ্যন্ত ছাত্ৰ সন্থা ক্ষান্ত নহয় বুলিও কয় নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক :বোকাখাতত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details