অসম

assam

ETV Bharat / state

নলবাৰীত আছুৰ গণ সত্যাগ্ৰহ - CAB

আইনখন বাবে অসমত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'লে চৰকাৰ জগৰীয়া হ'ব বুলি সকিয়নী প্ৰতিবাদকাৰীৰ ৷

AASU PROTEST IN NALBARI
নলবাৰীত আছুৰ গণ সত্যাগ্ৰহ

By

Published : Dec 18, 2019, 8:32 PM IST

নলবাৰী,18 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বুধবাৰে নলবাৰীত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাই ৷ আছুৰ নেতৃত্বত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কৰ্মচাৰী পৰিষদ,বেংক কৰ্মচাৰীৰ লগতে প্ৰায় 50 টা সংগঠনৰ 20 সহস্ৰাধিক লোকে আইনখন বাতিলৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে নলবাৰী শ্বহীদ ভৱনৰ বাকৰিৰ পৰা গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰি কলেজ ৰোড হৈ এন টি ৰোডেৰে নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হায় হায়,মোদী চৰকাৰ মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়,নাগৰিকত্ব আইন বাতিল কৰক,জাতি আজি ৰাজপথত,সৰ্বা তোমাৰ লাজ নাই আদি প্ৰতিবাদী শ্ল'গানেৰে কঁপাই তোলে নলবাৰীৰ আকাশ-বতাহ । প্ৰতিবাদকাৰীসকলে আইনখন বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ লগতে আইনখন বাবে অসমত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'লে ইয়াৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সকিয়াই দিয়ে ৷

নলবাৰীত আছুৰ গণ সত্যাগ্ৰহ

ABOUT THE AUTHOR

...view details