অসম

assam

By

Published : Jul 17, 2022, 6:15 PM IST

ETV Bharat / state

AASU protest : আছুৰ প্ৰতিবাদত উত্তাল সাংসদ দিলীপ শইকীয়াৰ জন্ম গাঁও

নলবাৰীৰ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই সাংসদ দিলীপ শইকীয়াৰ জন্ম গাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest in Nalbari)। বানে ছিগা কালভাৰ্ট সোনকালে মেৰামতি কৰি যাতায়ত ব্যৱস্থা সূচল কৰাৰ দাবী স্থানীয় লোকৰ । ৰাইজৰ সমস্যা সমাধান নহ'লে তীব্ৰ আন্দোলনৰ হুংকাৰ আছুৰ ।

AASU
আছুৰ প্ৰতিবাদত উত্তাল সাংসদ দিলীপ শইকীয়াৰ জন্ম গাঁও

নলবাৰী,১৭ জুলাই :নলবাৰী জিলাত শেহতীয়াকৈ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল (Floods affects Nalbari)। জিলাখনত সম্প্ৰতি বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও কোনো কোনো স্থানত ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । বিশেষকৈ বানত পথ, দলং, কালভাৰ্ট আদি উটি যোৱাৰ ফলত যাতায়তৰ সমস্যাত পৰিছে জনসাধাৰণ । বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৰ্ণদৈচপৰা গাওঁৰ মৰোৱা-কমলপুৰ সংযোগী পথৰ কালভাৰ্ট বৰলীয়া নদীৰ সোঁতত উটি যোৱাৰ ফলত এতিয়া নলবাৰী-কামৰূপ জিলাৰ যোগাযোগ ব্যাহত হৈ পৰিছে (Communication disrupted in Nalbari after flood)।

আছুৰ প্ৰতিবাদত উত্তাল সাংসদ দিলীপ শইকীয়াৰ জন্ম গাঁও

বৰ্তমান এখন বাঁহেৰে সাঁকো সাজি উলিয়াইছে স্থানীয় লোকসকলে । সাঁকোখনেৰে অতি বিপদসংকুলভাৱে ৰাইজে অহা যোৱা কৰিবলগীয়া হৈছে । কিন্তু সেই পথত এতিয়াও চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ আছে । যাৰ বাবে অঞ্চলটোৰ ৰাইজ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ।

ৰাইজৰ এই দুৰ্দশা দেখি ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থা । অতি শীঘ্ৰে সেই স্থানত ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনালে বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই (AASU protest at Nalbari)। দেওবাৰে স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্য্যসূচীও ৰূপায়ণ কৰে ।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ৰিত্তিক আলী, বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আকাশ বৰুৱা, সাধাৰণ সম্পাদক মইনুল হ'ক, উপদেষ্টা জেহৰুল ইছলাম, শিক্ষা সম্পাদক জাহিৰ হুছেইনক, সহঃ সাধাৰণ সম্পাদক বিতোপন শৰ্মা, অংগৰাগ দাসকে ধৰি অৰ্ধশতাধিক ছাত্ৰ সন্থাৰ কৰ্মী উপস্থিত থাকে ।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মাই দাবী জনোৱা মতে বানপানীৰ পৰিস্থিতি উন্নত হ'বলৈ প্ৰায় এমাহ হ'ব কিন্তু সাংসদ দিলীপ শইকীয়াৰ জন্মগাঁৱত আজি ৰাইজে এনেদৰে দুৰ্ভোগ ভূগিবলগীয়া হৈছে । এগৰাকী সাংসদৰ জন্ম গাঁৱৰ এনে পৰিৱেশ দেখি আচৰিত হোৱা বুলিও আছু নেতাগৰাকীয়ে উল্লেখ কৰে । সেয়েহে অতি শীঘ্ৰে ৰাইজৰ এই সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী আছু নেতাসকলে ।

লগতে পঢ়ক :Youths missing from Bilasipara : চাকৰিৰ প্ৰলোভনেৰে লৈ যোৱা 7 জনকৈ যুৱক নিৰুদ্দেশ

ABOUT THE AUTHOR

...view details