নলবাৰী/মৰাণ,২৫ এপ্ৰিল: মূল্যবৃদ্ধিত কোঙা ৰাজ্যৰ জনতা (Price Hike in Assam) । উন্নয়নৰ সপোন দেখুৱাই শাসনৰ গাদীত বহা চৰকাৰখনে যেন ৰাইজৰ মূৰত শোধাইছে মাধমাৰ । প্ৰতিদিনেই বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য (Price hike of Essential Commodities) । যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভত ফাটি পৰিছে সৰ্বসাধাৰণ ৰাইজ । খাদ্য বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী, ৰন্ধন গেছ, বিদ্যুত মাচুল আৰু টোলগেটৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মঙলবাৰে ৰাজ্যজুৰি ৰূপায়ন কৰা হয় তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী (AASU Protest Against price Hike across Assam) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰীত আছুৱেও ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নলবাৰী জিলা ছাত্ৰ সন্থাই দিনৰ ভাগতে চহৰখনৰ মাজমজিয়াত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU Protest Against price Hike in Nalbari) ৷ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা ভাৰত চৰকাৰ, অসম চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি কঁপাই তোলে নলবাৰী চহৰ । বিক্ষোভকাৰীসকলে অসম চৰকাৰ হায় হায়, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, টোলকৰ হ্ৰাস কৰক আদিকে ধৰি বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে নলবাৰী চহৰৰ ৰাজপথ ৷ জিলা আছুৰ কাৰ্যালয়ৰ পৰা উলিওৱা বিক্ষোভ কাৰ্যসূচী চহৰখনৰ প্ৰতিটো পথেৰে প্ৰতিবাদী শ্ল'গান দি কৰি পুনৰ জিলা কাৰ্যালয়ত সমাপ্ত কৰে ।