অসম

assam

By

Published : Feb 7, 2020, 1:01 AM IST

ETV Bharat / state

নলবাৰীত আছুৰ "বজ্ৰ গৰ্জন"

"অসমৰ যেতিয়া সংকট আহে তেতিয়া নলবাৰীৰ আপোচহীন সংগ্ৰামী ৰাইজে দৃঢ়তাৰে বাট দেখুৱায় ৷"

বজ্ৰ গৰ্জন
বজ্ৰ গৰ্জন

নলবাৰী, 6 ফেব্ৰুৱাৰীঃ "কা" বাতিলৰ দাবীত বৃহস্পতিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰা হয় "বজ্ৰ গৰ্জন" । এই "কা" বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত নলবাৰীৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ, গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সম্পাদক আজিজুৰ ৰহমান, অভিনেতা অৰুণ হাজৰিকা, বিশিষ্ট সাংবাদিক অজিত ভূঞা, হাইদৰ হুছেইনৰ লগতে কেবাগৰাকীয়ো বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

বজ্ৰ গৰ্জন

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ ব্যস্ত মহানগৰ প্ৰশাসন....

"অসমৰ যেতিয়া সংকট আহে তেতিয়া নলবাৰীৰ আপোচহীন সংগ্ৰামী ৰাইজে দৃঢ়তাৰে বাট দেখুৱায়" বুলি অনুষ্ঠানত মন্তব্য কৰে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ তেওঁ পুনৰ কয় যে, দিল্লীৰ শ্ৰুতলিপিত অসমৰ স্বাৰ্থ জলাঞ্জলি দিছে সৰ্বানন্দ সোণোৱালে । এই বজ্ৰ গৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক অজিত ভূঞাই কয় যে "দিল্লীক ৰঙা চকু দেখুৱাব পৰাকৈ অসমে এজন নেতা নাপালে সৰ্বানন্দ সোণোৱালে দিল্লীৰ শ্ৰুতলিপি মতে বঙালীৰ গোলামী কৰিছে কিন্তু অসমীয়াই কেতিয়াও বঙালীৰ গোলামী নকৰে । মন্ত্ৰিত্বই যাৰ শেষ আশা তেওঁৰ পৰা এটা জাতিয়ে কেতিয়াও একো আশা কৰিব নোৱাৰিব" বুলি ব্যক্ত কৰে অজিত ভূঞাই ৷

বজ্ৰ গৰ্জন

ABOUT THE AUTHOR

...view details