নলবাৰী,১৮ ফেব্ৰুৱাৰী:শুকুৰবাৰেনলবাৰী চহৰস্থিত শ্বহীদ ভৱনত নলবাৰী জিলা ছাত্ৰ সন্থাই আয়োজন কৰে এখন সংবাদ মেলৰ(Press meet on Shifting of Nalbari Civil Hospital issue) ৷ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক(Shaheed Mukunda Kakati Civil Hospital) নলবাৰী মেডিকেল কলেজ আৰু হস্পিতালৰ(New medical college in Nalbari) লগত সংযুক্ত কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ বহিঃবিভাগ বন্ধ কৰাৰ লগতে ইতিমধ্যে হস্পিতাখনৰ বিভিন্ন সা সজুলি উঠাই লৈ যোৱা তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰা চিকিৎসকসকল আনি ৰোগী তথা সৰ্বসাধাৰণ ৰাইজক অসুবিধাৰ সৃষ্টি কৰাৰ অভিযোগত ছাত্ৰ সংগঠনটোৰ ৷
আছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদৰ উপৰি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজৌতি পাঠক, সম্পাদক অক্ষয় ডেকাই অংশগ্ৰহণ কৰি উক্ত সংবাদমেলত উল্লেখ কৰে যে নলবাৰীত এখন চিকিৎসা মহাবিদ্যালয় (Nalbari Medical College Hospital) স্থাপনৰ বাবে সদৌ অসম ছাত্ৰ পূৰ্বৰে পৰাই সন্থাই দাবী জনাই আহিছিল ৷ সেইবুলি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনক নলবাৰী মেডিকেল কলেজৰ লগত সংযুক্ত কৰাৰ কথা কোৱা নাছিলো ৷ সেয়েহে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনত পূৰ্বতে যি সেৱা আছিল তাক অপৰিৱৰ্তিত ৰূপত ৰখাৰ লগতে জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰসমূহ অধিক উন্নত কৰি ৰাইজক দি অহা স্বাস্থ্যসেৱা অব্যাহত ৰখাৰ দাবী উত্থাপন কৰে(AASU react on Shifting of Nalbari Civil Hospital) ।