নলবাৰী, ২২ জুন: নলবাৰী বৰভাগৰ বৰশিমলীয়া আৰু আৰু বৰবুকিয়া গাঁৱৰ লোকসকল পানীৰ তলত (Flood in Nalbari) ৷ পানীৰ তলত এতিয়াও আছে অসংখ্য পৰিয়ালৰ ঘৰ । নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় লৈছেগৈ পকী পথ নাইবা মথাউৰীত । পোৱা নাই পৰ্যাপ্ত সাহাৰ্য । বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই(AASU general secretary) এই লোকসকলক সাক্ষাৎ কৰি প্ৰদান কৰিলে কিছু খাদ্য সামগ্ৰী ।
সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক সংগ দিয়ে নলবাৰী জিলা ছাত্র সন্থাৰ বিষয় ববীয়াই ৷ সম্পাদকগৰাকীয়ে বান পৰিস্থিতি বুজ লোৱাৰ অন্তত বৰভাগৰ শ্লুইচ্ গেটৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰাৰ বাবে স্থানীয় লোকসকল বানৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে (Sankar Jyoti Baruah)৷