নলবাৰী,20 ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্যাপক আন্দোলন ৷ জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত স্বত:স্ফুত ভাৱে ৰাজপথলৈ উলাই আহিছে হাজাৰ হাজৰ জনতা ৷ জাতিধ্বংসী আইন বাতিলৰ দাবীত বৰ্তমান উচ্চতম ন্যায়ালয়ত বহু দ'ল সংগঠনে আইনী যুঁজ আৰম্ভ কৰাৰ সমান্তৰালকৈ বিভিন্ন দ'ল সংগঠনৰ নেতৃত্বত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে গণতান্ত্ৰিক আন্দোলন ৷
নলবাৰীত আছুৰ বজ্ৰনিনাদৰ মাজতে বিজেপিৰ শান্তি সমদল - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নলবাৰীত ব্যাপক আন্দোলন
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নলবাৰীত আছুৰ ছহিদ ভৱন বাকৰিত খিলঞ্জীয়াৰ বজ্ৰনিনাদ আনফালে প্ৰায় 1 কিলোমিটাৰ ব্যৱধানত থকা গৰ্ডন ফিল্ডৰ পৰা বিজেপিৰ শান্তি সমদলৰ প্ৰস্তুতি ৷
নলবাৰীত আছুৰ বজ্ৰনিনাদ: আনফালে বিজেপিৰ শান্তি সমদল
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শুকুৰবাৰে নলবাৰীত আছুৱে ছহিদ ভৱন বাকৰিত খিলঞ্জীয়াৰ বজ্ৰনিনাদ কাৰ্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালকৈ প্ৰায় 1 কিলোমিটাৰ ব্যৱধানত বিজেপিৰ শান্তি সমদলৰ ব্যাপক প্ৰস্তুতি ৷ অগনণ আৰক্ষীৰ তথা নিৰাপত্তাৰক্ষীৰ উপস্থিতিত নলবাৰীৰ গৰ্ডন ফিল্ডৰ পৰা বিজেপিৰ শান্তি সমদলৰ প্ৰস্তুতি ৷ আৰক্ষী -নিৰাপত্তাৰক্ষীৰ গিজ-গিজনিত এতিয়া সু-সজ্জিত বেহুলৈ পৰিণত নলবাৰীৰ ৰাজপথত ৷
Last Updated : Dec 20, 2019, 2:43 PM IST