নলবাৰী, 23আগষ্টঃদেশৰ স্বাধীনতাৰ ৭৪ বছৰ উকলিল কিন্তু আজিও উন্নয়ন নহ'ল গ্ৰামাঞ্চলৰ । তেনে এক দৃশ্য দেখা পোৱা গ'ল নলবাৰী সমষ্টিৰ অন্তৰ্গত বুৰবুৰি গাঁৱত । আজি পৰ্যন্ত উন্নয়নৰ মুখ নেদেখা গাঁওবাসীয়ে পাৰ কৰিব লগা হৈছে কণ্টকময় জীৱন ৷ বোকা-পানীৰে ভৰপূৰ পথেৰে ভঙা দলঙেৰে বিপদজনকভাৱে আহ-যাহ কৰে দৈনিক ৮০০ ৰ পৰা ১০০০ লোক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল যুগৰ সূচনাৰ পাছতো গাঁৱবাসীয়ে দিনতে লেম্প,চাকিত তেল ভৰোৱাৰ বাবে চিন্তা কৰিব লাগে ৷
তদুপৰি বিগত তিনি বছৰে বিদ্যুৎ সংযোগ কৰাটো দূৰৰ কথা বিদ্যুতৰ সলনি মাটিত পৰি আছে কেইটামান বিদ্যুতৰ খুঁটাহে ৷ গাঁৱখনত নাই কোনো চিকিৎসাৰ সা-সুবিধা তথা খোৱা পানীৰ সুবিধা । পথৰ অৱস্থা অতিকৈ শোচনীয় হোৱা বাবে গাঁওখনলৈ নাহে এম্বুলেঞ্চু ৷ আনকি ৰোগীক হাস্পতাললৈ লৈ যোৱা অৱস্থাত ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱাৰ নজিৰ আছে ৷ কিন্তু ইমানৰ পাছতো বৰ্তমানেও নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ চকুত পৰা নাই গাঁওখন ৷ আনফালে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মগাঁৱৰ নিচেই কাষত থকা গাঁওখন আজিকোপতি বঞ্চিত হৈ আছে উন্নয়নৰ পৰা ৷