নলবাৰী, 6 আগষ্ট : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰে সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনিলে পশ্চিম নলবাৰীৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে ৷ চামতা ইডেন ভেলী একাডেমিৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে আটাইতকৈ সৰু কাগজৰ টুকুৰাত চৰাই বনাই ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ৷ পূৰ্বৰ অভিলেখ ভংগ কৰি মাত্ৰ চাৰি মিলিমিটাৰ কাগজৰ টুকুৰাৰ চৰাই বনাই ৰাজদ্বীপে গঢ়িলে নতুন অভিলেখ ৷
তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই কাগজৰ বস্তু বনোৱাৰ প্ৰতি প্ৰবল আগ্ৰহ থকা ৰাজদ্বীপে ইতিমধ্যে ঘৰতে সাজি উলিয়াইছে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী ৷ উল্লেখ্য যে, ৰাজদ্বীপ হৈছে পশ্চিম নলবাৰীৰ চামতাৰ ৰূপীয়াবাঠান গাঁও নিবাসী জল পৰিবহন বিভাগৰ কৰ্মচাৰী অৰবিন্দ বৰ্মন আৰু বগুৰিহাটী এম ভি স্কুলৰ শিক্ষয়িত্ৰী জুনু মেধি বৰ্মনৰ পুত্ৰ ৷
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ল চামতাৰ এজন ছাত্ৰৰ নাম শেহতীয়াভাৱে 6 মিনিট 4 চেকেণ্ডত মাত্ৰ 4 (চাৰি) মিলিমিটাৰ কাগজৰ চৰাই বনাই ইণ্ডিয়া বুক ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ৰাজদ্বীপে ৷
লগতে পঢ়কঃগ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ
এই সফলতাৰ পাছতে পিতৃ-মাতৃ, চামতা ইডেন ভেলী একাডেমিৰ শিক্ষক-কৰ্মচাৰী,তথা পশ্চিম নলবাৰীৰ ৰাইজে আনন্দ প্ৰকাশ কৰি ৰাজদ্বীপক লৈ গৌৰৱ বোধ কৰে ৷ আজৰি সময়ৰ সৎ প্ৰয়োগ কৰি ছাত্ৰ গৰাকীয়ে এনেদৰে অস্বাভাৱিক কাম কৰি সুনাম কঢ়িয়াই অনাৰ বাবে ৰাজদ্বীপলৈ বিভিন্ন জনে জনাইছে শুভেচ্ছা আৰু শুভ কামনা ৷
উল্লেখ্য যে, কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাত বহু ছাত্ৰ-ছাত্ৰীয়ে ম'বাইলত গেম খেলি ব্যস্ত হৈ থকাৰ বিপৰীতে ৰাজদ্বীপে এনেদৰে অস্বাভাৱিক কাম কৰি সুনাম কঢ়িয়াই আনিছে ৷ ভৱিষ্যতে ন-ন সৃষ্টিৰে আগুৱাই যোৱাৰ লক্ষ্য প্ৰতিভাশালী ছাত্ৰজনৰ ৷ ৰাজদ্বীপে জনোৱা মতে, উক্ত চৰাইটো সাজি উলিয়াওতে তেঁওক প্ৰায় 1 সপ্তাহ সময়ৰ প্ৰয়োজন হৈছিল ৷ অৰিগামী নামৰ এক শিল্পৰ দ্বাৰা এই চৰাইটো সাঁজি উলিয়াইছিল ৰাজদ্বীপে ৷
লগতে পঢ়কঃমেধাৰ পৰিচয় দি অহা পিতৃ-মাতৃহাৰা বিজিতৰ উচ্চতৰ মাধ্যমিকত সুখ্যাতি