অসম

assam

By

Published : Mar 13, 2020, 6:53 PM IST

ETV Bharat / state

ষ্ট্ৰবেৰী খেতিৰে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা নলবাৰীৰ নন্দিতাৰ

পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত নলবাৰীৰ এগৰাকী যুৱতী ৷ উচ্চ শিক্ষা গ্ৰহণ কৰা যুৱতীগৰাকীয়ে ষ্ট্ৰ’বেৰী খেতিৰ জৰিয়তে সপোন দেখিছে স্বাৱলম্বী হোৱাৰ ৷ যুৱতীগৰাকী শিক্ষাগ্ৰহণৰ সমানকৈ ব্যস্ত এতিয়া কৃষিকাৰ্যত ৷

ষ্ট্ৰবেৰী খেতি
ষ্ট্ৰবেৰী খেতি

নলবাৰী,13 মাৰ্চঃ পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত নলবাৰীৰ এগৰাকী যুৱতী ৷ নলবাৰী জিলাৰ অময়াপুৰ নন্দগাঁৱৰ আদৰ্শ কৃষক প্ৰতুল বৰুৱাৰ জীয়ৰী নন্দিতা বৰুৱাৰ এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ স্নাতকোত্তৰ পঢ়ি থকা নন্দিতাই পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অনলাইনৰ জৰিয়তে সুদূৰ হিমাচল প্ৰদেশৰ পৰা ক্ৰয় কৰি আনিছিল ষ্ট্ৰবেৰীৰ পুলি ৷ জনপ্ৰিয় সামাজিক মাধ্যম ইউ টিউৱক সাৰথি কৰি ঘৰতে ৪বিঘা মাটিত যুৱতীগৰাকীয়ে আৰম্ভ কৰে ষ্ট্ৰবেৰী খেতি ৷ এয়া আছিল আৰম্ভণি ৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে ইনকুৱেবৰ জৰিয়তে নিজ ঘৰতে হাঁহ আৰু বটা চৰাইৰ পোৱালি জগোৱা কামত ব্যস্ত হৈ পৰে ৷ সম্প্ৰতি নন্দিতাৰ ১০০টা বটা চৰাই,২০০টা হাঁহ পালনেৰে বছৰি প্ৰায় দুই লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । সাধাৰণ জীৱন যাপন কৰা উচ্চ শিক্ষিতা নন্দিতাৰ এই কৃষিকাৰ্যত পিতৃ প্ৰতুল বৰুৱাৰ লগতে দুই ভগ্নীয়ে সহায়ৰ হাত আগবঢ়াই আহিছে ।

ষ্ট্ৰবেৰী খেতি

উল্লেখ্য যে,চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত নন্দিতাৰ এই কৃষিকাৰ্য ৰাজ্যৰ নিৱনুৱাসকলৰ বাবে এক আদৰ্শ ৷ যি সময়ত ছোৱালী কৃষিকৰ্মৰ প্ৰতি কম আগ্ৰহী হোৱা দেখা যায়,তেনেসময়ত নন্দিতাৰ এই স্ব-নিৰ্ভৰশীলতাৰ সপোনে আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ।

লগতে চাওকঃআহোম যুগৰ অনন্য কীৰ্তি ঘনশ্যাম ঘৰৰ কথা জানেনে !

ABOUT THE AUTHOR

...view details