অসম

assam

By

Published : Jun 3, 2020, 1:57 PM IST

Updated : Jun 3, 2020, 7:46 PM IST

ETV Bharat / state

শয্যাশায়ী নলবাৰীৰ বাদ্যযন্ত্ৰ শিল্পী যোগেন দাস

সুধাকণ্ঠ ভূপেন হাজৰিকা, বিহু সম্ৰাট খগেন মহন্তৰ সান্নিধ্য লাভ কৰা নলবাৰীৰ এগৰাকী বাদ্যশিল্পীৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে ৷ বাদ্যযন্ত্ৰক সাৰথি কৰি ওৰেটো জীৱন পাৰ কৰা শিল্পী যোগেন দাসে চিকিৎসালয়ৰ বিচনাত কাঢ়িছে হুমুনিয়াহ ৷ শিল্পী গৰাকীৰ খবৰ ল’বলৈ আহৰি নাই স্থানীয় বিধায়কৰ ৷

a story of a poor artist of nalbari assam etv bharat news
শয্যাশায়ী নলবাৰীৰ বাদ্যযন্ত্ৰ শিল্পী যোগেন দাস

নলবাৰী,3 জুন: বাদ্যযন্ত্ৰৰ মাধ্যমেৰে সুৰৰ মূৰ্ছনা সৃষ্টি কৰা এগৰাকী শিল্পীৰ জীৱনত বাজিব ধৰিছে কৰুণ সুৰ ৷ নৃত্যৰ লহৰ তুলি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰাত যৎকিঞ্চিত অৰিহণা আগবঢ়োৱা নলবাৰীৰ শিল্পী যোগেন দাসৰ জীৱনলৈ নামি আহিছে অমানিশা । এসময়ত বাদ্যযন্ত্ৰত তোলা সুৰ-ৰাগেৰে সকলোৰে হৃদয় ঝংকাৰিত কৰা এলেঙীদলৰ নামডোঙা গাঁৱৰ বাসিন্দা শিল্পী গৰাকী এতিয়া শয্যাগত । জণ্ডিচ ৰোগত আক্ৰান্ত হৈ শিল্পী গৰাকীয়ে চিকিৎসালয়ৰ বিচনাত কটাইছে দিন ।

শয্যাশায়ী নলবাৰীৰ বাদ্যযন্ত্ৰ শিল্পী যোগেন দাস

উল্লেখ্য যে, শিল্পী দাসে থিয়েটাৰ ভাগ্যদেৱী, মা লক্ষ্মী, হাজো নাট্য কলাকেন্দ্ৰ, অমৰ থিয়েটাৰ আদিকে ধৰি বিভিন্ন নাট্যগোষ্ঠীত বাঁ‌হী, চেক্স’ফ’ন , ক্লেৰিঅ’নেট আদি বজাই সুদীৰ্ঘ প্ৰায় 30 বছৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰক অনন্য মাত্ৰা প্ৰদান কৰি আহিছিল ৷ কিন্তু বৰ্তমান শিল্পীগৰাকীক খেদি ফুৰিছে আৰ্থিক দৈন্যতাই ৷ বিক্ৰী কৰিবলগীয়া হৈছে শিল্পী গৰাকীয়ে বাস কৰা ভেটিৰ মাটি ৷ ভূপেন হাজৰিকা, খগেন মহন্ত, প্ৰখ্যাত বাঁ‌হীবাদক প্ৰভাত শৰ্মা, নৃত্যাচাৰ্য যতীন গোস্বামী, সুদক্ষ অভিনেতা প্ৰয়াত আব্দুল মজিদৰ সান্নিধ্যৰে মহীয়ান এইগৰাকী শিল্পীয়ে ওচৰ-চুবুৰীয়াৰ অনুগ্ৰহতে এতিয়া চলাইছে চিকিৎসা । আজিলৈ কোনো চৰকাৰী সাহায্য লাভ নকৰা শিল্পীগৰাকীক কোনো দল-সংগঠন, থিয়েটাৰৰ প্ৰযোজকেও আগবঢ়োৱা নাই সহায়ৰ হাত । আনহাতে, এইপৰ্যন্ত স্থানীয় বিধায়ক তথা অন্য জন প্ৰতিনিধিয়ে শিল্পীগৰাকীৰ খবৰ লবলৈ আহৰি পোৱা নাই ৷

লগতে চাওকঃভুৱা আশ্বাসত পৰিণত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

Last Updated : Jun 3, 2020, 7:46 PM IST

ABOUT THE AUTHOR

...view details