অসম

assam

By

Published : Apr 12, 2022, 3:27 PM IST

ETV Bharat / state

উৎপাদন নকৰিলে মূল্যবৃদ্ধি হ’বই : জুবিন গাৰ্গ

সকলো ওলাই আহিব লাগে পথাৰলৈ ৷ অসমীয়া মানুহ উৎপাদমুখী হ’ব লাগে ৷ নলবাৰীত এই মন্তব্য কৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে (Zubeen Garg in Nalbari) ৷

Zubeen Garg in Nalbari
অসমীয়া মানুহ উৎপাদনশীল হ’ব লাগিব : জুবিন গাৰ্গ

নলবাৰী, 12 এপ্ৰিল :‘‘উৎপাদন নকৰিলে মূল্যবৃদ্ধি হ’বই । অসমীয়া মানুহ উৎপাদনশীল হ’ব লাগিব । এনেই পৰি থকা মাটিত খেতি কৰক ৷ নিজৰ উৎপাদন নিজে কৰক’’ ৷ এই মন্তব্য হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৷

সোমবাৰে বিয়লি ভাগত নলবাৰীত উপস্থিত হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গ (Zubeen Garg in Nalbari) ৷ নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাইকুছিত এখন নৱ নিৰ্মিত ৰেষ্টুৰেন্ট মুকলি কৰিবলৈ নলবাৰীত উপস্থিত হয় জনপ্ৰিয় কন্ঠশিল্পীগৰাকী । নলবাৰীত ৰেষ্টুৰেন্ট মুকলি কৰি সাংবাদিকৰ সন্মুখত মূল্যবৃদ্ধি সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়াই কণ্ঠশিল্পী জুবিন গাৰ্গে ।

নলবাৰীত উপস্থিত হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গ

লগতে কণ্ঠশিল্পী গৰাকীয়ে কয় যে, সকলোৱে ধুনীয়াকৈ উদযাপন কৰক ৷

জুবিন গাৰ্গ বৰ্তমান বহু কেইখন চিনেমাৰ কামত ব্যস্ত হৈ আছে ৷ বিহুৰ পাচতে কণ্ঠশিল্পী গৰাকীয়ে কেইবাখনো চিনেমা ৰাইজৰ বাবে মুকলি কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ উল্লেখ্য যে, জুবিন গাৰ্গৰ উপস্থিতিত নৱ নিৰ্মিত ৰেষ্টুৰেন্টখনত বহু জুবিন অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :গোহালিৰ গো-ধনলৈ তৰা পঘা বটাত ব্যস্ত খোৱাং দলনিকোৰৰ ৰাইজ

ABOUT THE AUTHOR

...view details