অসম

assam

ETV Bharat / state

কংগ্ৰেছ মানে কেকটাছঃ মুখ্যমন্ত্ৰী সোণোৱাল - election

'A For Assam' বুলি প্ৰধানমন্ত্ৰী মোডীৰ বন্দনাত পঞ্চমুখ মুখ্যমন্ত্ৰী সোণোৱালৰ৷ A For Assam বুলি প্ৰধানমন্ত্ৰী মোডীৰ বন্দনাত পঞ্চমুখ মুখ্যমন্ত্ৰী সোণোৱালৰ৷

ধৰ্মপুৰৰ নিৰ্বাচনী সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

By

Published : Apr 21, 2019, 4:06 AM IST

নলবাৰী 21 এপ্ৰিলঃ- নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা ৷ কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,

  • কংগ্ৰেছে ইচ্ছাকৃত ভাৱে দেশ অস্থিৰ কৰি ৰাখে ৷
  • কংগ্ৰেছৰ শাসনকালত লোকসভাত কোনোদিনে উত্তৰ পূৰ্বাঞ্চলক সন্মান প্ৰদান কৰা হোৱা নাছিল৷
  • কংগ্ৰেছৰ অপশাসন আৰু অকৰ্মণ্যতাৰ ফলত অতদিনে অসম অন্ধকাৰত আছিল৷
  • গুৱাহাটী মহানগৰী সম্প্ৰসাৰণ কৰি টিহু লৈকে হ'ব বুলি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷
  • গুৱাহাটীক দক্ষিণপূৱ এছিয়াৰ অন্যতম চহৰ হিচাপে গঢ়াৰ অংগীকাৰ ৷ নতুন গুৱাহাটী আন্তৰ্জাতিক চহৰ হ'ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ৷
    ধৰ্মপুৰৰ নিৰ্বাচনী সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ
  • কংগ্ৰেছ মানে কেকটাছ ৷সদায় মানুহক বিন্ধিব জানে ৷ৰাষ্ট্ৰ নিৰ্মাণ কৰিব নাজানে ৷
  • আজিৰ তাৰিখত ভাৰতক ৰঙা চকু দেখাব পৰা কোনো শত্ৰু নাই ৷

এই সভাত মুখ্যমন্ত্ৰীক সংগ দিয়ে অগপ সভাপতি অতুল বৰা,মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই৷ এই সভাতেই অতুল বৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতাক তীব্ৰ সমালোচনা কৰে ৷ সভাত 'A For Assam' বুলি প্ৰধানমন্ত্ৰী মোডীৰ বন্দনাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details