নলবাৰী, 12 অক্টোবৰ : অৱশেষত মৃত্যুৰে হাৰ মানিলে পৰিয়ালৰ পৰা এলাগী হৈ পৰা বঙাইগাঁৱৰ অসহায় বৃদ্ধা মাতৃ তিলোত্তমা ৰায়ে ৷ জীৱনৰ শেষ যাত্ৰাটো বৃদ্ধা গৰাকীৰ কাষত পৰিয়ালৰ লোক উপস্থিত নোহোৱাত বদ্ধা গৰাকীক বৈদিক নিয়মেৰে মুখাগ্নি কৰিলে বিগত দুবছৰে ভৰণ পোষণৰ দায়িত্ব বহন কৰা সাংবাদিক মজিবুৰ ৰহমানে ৷ সোমবাৰে পুৱাৰ ভাগত শান্তি নিৱাস বৃদ্ধাশ্ৰমত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰীৰ ৰাজহুৱা শ্মশানত শেষ কৃত্য সম্পন্ন কৰা দুৰ্ভগীয়া বৃদ্ধা গৰাকীৰ ৷ শেষ কৃত্য সম্পন্ন কাৰ্যসূচীত সহযোগিতা আগবঢ়াই নলবাৰী থানা গাওঁৰক্ষী সংগঠনৰ চক্ৰ সংগঠক প্ৰদীপ দাস, মুকালমুৱা থানা গাওঁৰক্ষী সংগঠনৰ চক্ৰ সংগঠক নজৰুল ইছলাম, হাইস্কুল শিক্ষক সংস্থাৰ জিলা সম্পাদক উমেশ চন্দ্ৰ দাস, মজলীয়া শিক্ষক সংস্থাৰ জিলা সভাপতি বিজয় বৰুৱাৰ লগতে অসংখ্য লোকে ৷
উল্লেখ্য যে, বঙাইগাঁৱৰ বইতামাৰী অঞ্চলৰ কমলেশ্বৰ ৰাজবংশী আৰু তিলোত্তমা ৰায়ৰ দুই কন্যাৰে এখন সুখৰ সংসাৰ আছিল ৷ স্বামীৰ মৃত্যুৰ পিছত আশী উৰ্ধৰ বৃদ্ধা মাতৃক এলাগী কৰিলে বিবাহিতা দুই কন্যাই ৷ যাৰ বাবে যোৱা আঢ়ৈ বছৰ ধৰি বৃদ্ধা গৰাকীক নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত আশ্ৰয় ও ভৰণ পোষণৰ দায়িত্ব বহন কৰিছিল সাংবাদিক মজিবুৰ ৰহমানে ৷ যোৱা সময়ছোৱাত সাংবাদিক ৰহমানে বৃদ্ধা গৰাকীৰ সকলো আলপৈচান ধৰাৰ লগতে তেওঁৰ পৰিয়ালৰ সতে যোগাযোগ কৰে ৷