নলবাৰী,30 ডিচেম্বৰ:নলবাৰী জিলাৰ সমীপৰ সন্ধা গাঁৱৰ এটা পৰিয়াল ৷ তিনিজনীয়া পৰিয়ালটোৱে ভৰণ-পোষণৰ বাবে নিৰ্ভৰ কৰিছিল পুত্ৰ সনাতন কলিতাৰ ওপৰত ৷ 21 বছৰীয়া যুৱকগৰাকীৰ সম্প্ৰতি দুয়োটা বৃক্ক বিকল হোৱাত অন্ধকাৰ নামি আহিছে পৰিয়ালটোলৈ ৷ পৰিয়ালটোৰ মুৰব্বী তথা সনাতনৰ পিতৃ শাৰিৰীকভাৱে অক্ষম হোৱাৰ বাবে সম্প্ৰতি অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগা হৈছে পৰিয়ালটোৱে ৷ দুবেলা-দুমুঠি পেটৰ ভাত যোগাৰ কৰিবলৈ অক্ষম পৰিয়ালটোৰ হাতত মজুত নাই সনাতনৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন ৷ শয্যাগত সনাতনে পূৰ্বে সৰু-সুৰা বিভিন্ন কাম কৰি পৰিয়ালটোৰ ভৰণ-পোষণৰ ব্যৱস্থা কৰিছিল ৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কল্যাণৰ হকে সময়ে সময়ে মুকলি কৰি আহিছে বিভিন্ন আঁচনি ৷ কিন্তু চৰকাৰৰ কোনো আঁচনিয়ে আজিলৈকে ঢুকি পোৱা নাই এই পৰিয়ালটোক ৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং পৰিয়ালটোৱে ৷ শাসকীয় দলৰ কোনো মন্ত্ৰী অথবা স্থানীয় বিধায়কৰ চকুত নপৰা পৰিয়ালটোৱে সম্প্ৰতি চকুৰ পানী টুকি পাৰ কৰিছে দিন ৷ বিগত প্ৰায় এবছৰ পূৰ্বে ৰোগত আক্ৰান্ত হোৱা সনাতনৰ দুয়োটা বৃক্ক বিকল হোৱা কথাটো কিছুদিন পূৰ্বেহে পোহৰলৈ আহে ৷