নলবাৰী, 21 জুলাই : ১৬ জনীয়া এটা পৰিয়ালৰ ৯ জনকৈ সদস্য দৃষ্টি হীন । লক ডাউনৰ পূৰ্বে তিনি দৃষ্টিহীন ভাতৃয়ে ৰে'লত গান গাই পৰিয়ালটো পোহ-পাল দিছিল যদিও বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা এই পৰিয়ালটোৰ ৷ একেটা পৰিয়ালৰ তিনি ভাতৃ ক্ৰমে কেৰামত আলী,ইছাহক আলী আৰু আব্দুল গণিয়ে নিজৰ পৰিয়ালক পোহপাল দিবলৈ ৰাজহুৱা স্হানৰ লগতে ৰেলত গীত গাই পৰিয়াল পোহপাল দি আহিছিল ৷ কিন্তু লক ডাউনে স্তব্ধ কৰিলে পৰিয়ালটোৰ জীৱন ৷
নলবাৰীৰ এটা দৃষ্টিহীন পৰিয়ালৰ সংগ্ৰাম - নলবাৰীৰ এটা দুৰ্ভগীয়া পৰিয়াল
ইফালে আজিকোপতি চৰকাৰৰো দৃষ্টি নপৰিল এই পৰিয়ালটোৰ ওপৰত । মাত্ৰ চৰকাৰী আবাসগৃহ কেইটাৰ বাহিৰে বিশেষ একো সুবিধা লাভ কৰা নাই পৰিয়ালটোৱে । ইফালে বৰ্তমান সময়ত চলি থকা লক ডাউনৰ সময়ত উপাৰ্জন নোহোৱা হোৱাৰ বাবে ভোকে,লঘোণে অনাহাৰেও দিন কটাইছে পৰিয়ালটোৱে ৷
![নলবাৰীৰ এটা দৃষ্টিহীন পৰিয়ালৰ সংগ্ৰাম Nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8111871-664-8111871-1595336202215.jpg)
নলবাৰী
নলবাৰীৰ এটা দৃষ্টিহীন পৰিয়ালৰ সংগ্ৰাম
এই সন্দৰ্ভত চাওঁক সংবাদদাতা কৈলাশ ডেকাৰ এক প্ৰতিবেদন....