অসম

assam

ETV Bharat / state

A Baby Rescue At Ghograpar: ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কণমানি শিশু উদ্ধাৰ - A Baby Rescue At Ghograpar

মানৱতাক লজ্জিত কৰা নিকৃষ্ট ঘটনা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰে এটি কণমানি শিশু (A Baby Rescue At Ghograpar)৷

A Baby Rescue At Ghograpar
ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কণমানি শিশু উদ্ধাৰ

By

Published : Jul 24, 2022, 7:24 PM IST

নলবাৰী, 21 জুলাই: মানৱতাৰ চৰম পৰিহাস ! নলবাৰীৰ ঘগ্ৰাপাৰত শিহৰণকাৰী ঘটনা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰে এটি কণমানি শিশু ( A Baby Rescue At Ghograpar)৷

ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কণমানি শিশু উদ্ধাৰ

ঘটনা অনুসৰি দেওবাৰে দুপৰীয়া 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ সমীপতে থকা দলঙৰ তলত শিশুৰ কান্দোনৰ শব্দ শুনা পায় ৷ লগে লগে স্থানীয়ে লোকে সেই ঠাইলৈ গৈ চোৱাত মোনাত ভৰাই থোৱা অৱস্থাত এটি শিশু প্ৰত্যক্ষ কৰে ৷ শিশুটি দেখাৰ লগে লগে আৰক্ষীক খবৰ দিয়াত ততালিকে আৰক্ষীয়ে স্থানলৈ গৈ শিশুটোক জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰে ৷ শিশুটোৰ বয়স 4 ৰ পৰা 5 মাহ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশে কৰিছে ৷

কোনো দুৰ্বৃত্তই মোনাত ভৰাই কনমানি সন্তানটোক দলঙৰ তলত পেলাই থৈ যোৱাৰ সন্দেহ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে শিশুটোক সুস্থ অৱস্থাত উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি শিশুটোক থৈ যোৱা মোনাটোত শিশুটোৰ বাবে এটি গাখীৰৰ টেমাও থৈ যায় ৷

আৰক্ষীয়ে ততালিকে শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰাই শিশুটোৰ স্বাস্থ্যৰ পৰীক্ষা কৰে ৷ পৰৱৰ্তী পৰ্যায়ত শিশুটোৰ অভিভাৱকৰ সন্ধান কৰা হ'ব বুলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

ইয়াৰ সমান্তৰালকে নলবাৰীত বিগত কেইদিনত নৱজাতকৰ হত্যাৰ দুটাকৈ ঘটনা পোহৰলৈ আহিছিল ৷ যোৱা বৃহস্পতিবাৰে নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত দহকাউনীয়াৰ শচীন বৰ্মন নামৰ লোকজনৰ ঘৰৰ পাছফালে থকা এটা পুখুৰীত উদ্ধাৰ হয় এটা নৱজাতকৰ মৃতদেহ (Body of newborn baby recovered at Tihu) ৷ আৰক্ষী আৰু স্থানীয় লোকৰ সন্দেহ, কোনো লোকে নিজৰ কু-কৰ্ম লুকুৱাবলৈ নৱজাতকটি পেলাই দিছিল পুখুৰীলৈ ৷

লগতে পঢ়ক :টিহুত উদ্ধাৰ অৰ্ধগলিত নৱজাতকৰ মৃতদেহ

For All Latest Updates

ABOUT THE AUTHOR

...view details