নলবাৰী,৬ ফেব্ৰুৱাৰী :নলবাৰীত নিৰ্মাণ কাৰ্য চলি আছে অসমৰ আটাইতকৈ ওখ শিৱ মূৰ্তিৰ (Tallest Shiv Statue of Assam)। এই মূৰ্তিটো বিশ্বৰ ভিতৰত ষষ্ঠতম উচ্চ মূৰ্তি হ'ব বুলি জানিব পৰা গৈছে । প্ৰায় ৯১ ফুট উচ্চতাৰ এই শিৱ মূৰ্তিটো নলবাৰী জিলাৰ খাৰজাৰা আশ্ৰমৰ সমীপতেই নিৰ্মাণ কৰি থকা হৈছে (91 feet tall Shiv Statue constructing in Nalbari)।
নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সহযোগত নিৰ্মাণ কৰি থকা হৈছে এই সুউচ্চ শিৱ মূৰ্তিটো । অতি শীঘ্ৰে মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব । সেয়ে মূৰ্তিটোৰ উন্মোচন আৰু লোকাৰ্পণৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডে ।
সোমবাৰে এই সুউচ্চ মূৰ্তিটোৰ উন্মোচন আৰু লোকাৰ্পণ কাৰ্যসূচী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ বিষয়ববীয়াসকলে (Mahalakshmi Savings and Lending Co operative Society Limited)। মূৰ্তিৰ নিৰ্মাণস্থলীতে সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা ব্যবস্থা প্ৰমুখ যজ্ঞেশ্বৰ গোস্বামী, বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগৰ সম্পাদক অনুপ দাস আৰু শিৱ মূৰ্তি নিৰ্মাণৰ প্ৰধান খনিকৰ প্ৰদীপ পালৰ লগতে আন আন উদ্যোক্তাসকল ।