অসম

assam

ETV Bharat / state

90 খন পতাকা উত্তোলনেৰে আৰম্ভ হৰিমন্দিৰৰ 90 সংখ্যক ৰাস মহোৎসৱ - নলবাৰীৰ পৱিত্ৰ হৰিমন্দিৰ

90 খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ 90 সংখ্যক ৰাস মহোৎসৱ । সভাপতি জয়ন্তমল্ল বৰুৱাকে ধৰি 90 গৰাকী বিষয়বীয়াই উত্তোলন কৰে পতাকা । ৰাস মহোৎসৱৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব শিল্পী নীতিশ ভৰদ্বাজ । ৰাজ্য চৰকাৰৰ বহু মন্ত্ৰীও উপস্থিত থাকিব প্ৰথম দিনাৰ সন্ধিয়াটোত ৷

90 flags hoisted at the NALBARI HARI MANDIR RAAS
হৰিমন্দিৰৰ 90 সংখ্যক ৰাস মহোৎসৱ

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 12:55 PM IST

হৰিমন্দিৰৰ 90 সংখ্যক ৰাস মহোৎসৱ

নলবাৰী, 26 নৱেম্বৰ : আৰম্ভণিৰ দিনাই উদুলি-মুদুলি হৈ পৰিল নলবাৰীৰ পবিত্ৰ হৰিমন্দিৰৰ বাকৰি । পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হ’ল এইবেলিৰ নলবাৰীৰ ৰাস মহোৎসৱৰ । শ্ৰীশ্ৰী হৰিমন্দিৰৰ 90 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ দেওবাৰে পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয় ।

ৰাস মহোৎসৱৰ সভাপতি তথা হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে নলবাৰীৰ ৰাস মহোৎসৱখনিৰ । 90 সংখ্যক ৰাস মহোৎসৱত 90 খন পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিচতে শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

মূল পতাকা আৰু 90 খন পতাকা উত্তোলনৰ পিচতে পৰিৱেশন কৰা হয় সমবেত সংগীত । নলবাৰীৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয় । এইবাৰৰ ৰাস মহোৎসৱত তিনি তৰপীয়া ৰাস ৰাইজে দেখিবলৈ পাব বুলি জনায় ৰাস সমিতিৰ সভাপতি জয়ন্তমল্ল বৰুৱাই । জীৱন্ত ৰাস, পুতনা ৰাস আৰু মৃন্ময় মূৰ্তি মুখ্য আকৰ্ষণ হ’ব এইবাৰৰ নলবাৰীৰ ৰাসৰ ।

উল্লেখযোগ্য যে আজি অৰ্থাৎ দেওবাৰে সন্ধিয়া 5 বজাত ৰাস মহোৎসৱৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতত শ্ৰীকৃষ্ণৰ অভিনয়ত অভিনয় কৰা শিল্পী নীতিশ ভৰদ্বাজ । লগতে স্থানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী অজন্তা নেওগ, নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰা দুই স্থানীয় সাংসদ কুইন ওজা আৰু দিলীপ শইকীয়া আৰু অন্যান্য বহু বিশিষ্ট লোক উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে ৰাস সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই ।

এইবাৰৰ ৰাসত অসমৰ আগশাৰীৰ 13 খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে ।

লগতে পঢ়ক:ৰাসৰ আখৰাত ব্যস্ত চৰকাৰী বিদ্যালয়ৰ এজাক শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details